অসম

assam

Raijor Dal press meet: উৰণীয়া সেতুৰ কেলেংকাৰীত জড়িত মুখ্যমন্ত্ৰীৰ পৰিয়াল: ৰাইজৰ দল

By

Published : Apr 2, 2023, 10:34 PM IST

উৰণীয়া সেতু মুকলিৰ ৫ মাহৰ পিচত সৌন্দৰ্য বৰ্ধনৰ বাবে নিবিদা দিয়াৰ অভিযোগ ৰাইজৰ দলৰ (Bid for beautification of flyover in Guwahati)। মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন এটা কোম্পানীৰ সঞ্চালকৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দল ।

Press conference of Raijor Dal at Guwahati
ৰাইজৰ দলৰ সংবাদমেল

ৰাইজৰ দলৰ সংবাদমেল

গুৱাহাটী,২ এপ্ৰিল: মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ ৰাইজৰ দল (Press conference of Raijor Dal at Guwahati)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী, পি পি ই কিট কেলেংকাৰীৰ পাচত এইবাৰ উৰণীয়া সেতু নিৰ্মাণত ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে (Allegation of scam against CM family)। দেওবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত উৰণীয়া সেতু নিৰ্মাণত সংঘটিত কেলেংকাৰী সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে দলটোৰ কাৰ্যকৰী সভাপতি ৰাছেল হুছেইনে (Scam in construction of flyover in Guwahati) ।

সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰাছেল হুছেইনে কয় যে উৰণীয়া সেতু মুকলিৰ ৫ মাহৰ পাচত সৌন্দৰ্যবৰ্ধনৰ বাবে নিবিদা দিয়া হৈছিল । এই নিবিদাত মোকলাই দিয়া হৈছিল ৪৫ লাখ ৯৪ হাজাৰ টকা । এই নিবিদা লাভ কৰা কোম্পানীটো হৈছে ড্ৰীম এ মেজ নামৰ গৃহ নিৰ্মাণ কোম্পানী । এই কোম্পানীৰ সঞ্চালক ভাস্কৰ শৰ্মা হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকাধীন এটা কোম্পানীৰ সঞ্চালক ।

তেওঁ পুনৰ কয় যে ভাস্কৰ শৰ্মা হৈছে তিনিচুকীয়াৰ মাকুমত থকা চান্দমাৰী চাহ বাগিচাৰো সঞ্চালক । এই ভাস্কৰ শৰ্মাৰ কোম্পানীটোৱে ৭ মাহৰ পাচত সাজ-সজ্জাৰ ঠিকা লাভ কৰে ছুপাৰ মাৰ্কেট উৰণীয়া সেতুৰ । কেনেকৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পানীয়ে এই ঠিকা লাভ কৰিবলৈ সক্ষম হ’ল তাক লৈ প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰাছেল হুছেইনে ।

খোদ মুখ্যমন্ত্ৰীৰ বিভাগত এই বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয়, মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত থকা পূৰ্বৰ কেলেংকাৰীৰ কোনো তদন্ত হোৱা নাই । এই কেলেংকাৰীৰ কিমান তদন্ত হ'ব সেয়া সন্দেহজনক বুলিও মন্তব্য় কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰাছেল হুছেইনে ।

এই কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পত্নী ,মাতৃ ,মোমায়েক আদি বহু সদস্য জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ৰাইজৰ দলে । ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰাছেল হুছেইনে পুনৰ কয় যে ভাস্কৰ শৰ্মাৰ কোম্পানীত বহু বাহিৰৰ পৰিচয়বিহীন কোম্পানীয়ে বিনিয়োগ কৰাৰ তথ্য প্ৰকাশ পাইছে। বৰ্তমানো ১৭ টা কোম্পানীৰ লগত আছে বিনিয়োগ । সেয়ে এই কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ৰাইজৰ দলৰ নেতৃবৃন্দই ।

লগতে পঢ়ক:Lovlina Borgohain in Majuli; ফেৰীত উঠাৰ সুকীয়া আমেজ ল’লে লাভলীনা বৰগোঁহায়ে

ABOUT THE AUTHOR

...view details