গুৱাহাটী, ১২ মাৰ্চঃবিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ তুলি আজি সদন ত্যাগ কৰে কংগ্ৰেছ বিধায়ক আবুল কালাম ৰছিদ আলমে । বিধানসভাত বি টি কলেজ সম্পৰ্কীয় এক প্ৰশ্নৰ আত ধৰি পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছিল কংগ্ৰেছ বিধায়ক গৰাকীয়ে । কিন্তু অধ্যক্ষই তেওঁক অনুমতি নিদিয়াৰ বাবেই ক্ষুব্ধ হৈ পৰে বিধায়ক গৰাকী আৰু সদন কক্ষ ত্যাগ কৰে ।
অধ্যক্ষৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগঃ সদন ত্যাগ কংগ্ৰেছ বিধায়কৰ - বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী
বিধানসভাত যিহেতু অধ্যক্ষই হৈছে অভিভাৱক, গতিকে তেওঁ সকলোকে কথা কোৱাৰ সুযোগ দিব লাগে বুলি কংগ্ৰেছ বিধায়ক গৰাকীয়ে মন্তব্য কৰে ।
সদন ত্যাগ কংগ্ৰেছ বিধায়কৰ
বিধানসভাত যিহেতু অধ্যক্ষই হৈছে অভিভাৱক, গতিকে তেওঁ সকলোকে কথা কোৱাৰ সুযোগ দিব লাগে বুলি কংগ্ৰেছ বিধায়ক গৰাকীয়ে মন্তব্য কৰে । ৰাইজৰ প্ৰতিনিধি হৈ বিধানসভালৈ অহাৰ পিছত ৰাইজৰ বাবে ৰাইজৰ হকে বহু কথাই বিধায়ক সকলৰ সদনত ক'বলগীয়া থাকে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে । স্মৰ্তব্য যে এইগৰাকী বিধায়কে কালিও সদন ত্যাগ কৰিছিল ।