অসম

assam

By

Published : Apr 15, 2022, 10:33 PM IST

ETV Bharat / state

GMC Election 2022: বিৰোধী প্ৰাৰ্থীক সমৰ্থনৰ বাবেই বঞ্চিত হ’ব অৰুণোদয় আঁচনিৰ পৰা !

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰাৰ বাবেই বঞ্চিত কৰা হ’ব অৰুণোদয় আঁচনিৰ পৰা (Threatening Arunodoi scheme beneficiary) ৷ এগৰাকী মহিলাক ফোনকলৰ জৰিয়তে এই ভাবুকি দিলে এজন লোকে ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মহিলাগৰাকীলৈ ফোন কল কৰা বুলি লোকজনে জানিবলৈ দিয়ে ৷ এই ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ ৷

GMC Election 2022
বিৰোধী প্ৰাৰ্থীক সমৰ্থনৰ বাবেই বঞ্চিত হ’ব অৰুণোদয় আঁচনিৰ পৰা !

গুৱাহাটী, ১৫ এপ্ৰিল: গুৱাহাটী পৌৰ নিগমৰ 52 নং ৱাৰ্ডৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থক, অঞ্জনা ৰংপি নামৰ মহিলাগৰাকীক এজন অচিনাক্ত লোকে ফোনযোগে ভাবুকি দিয়া ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই ঘটনা সন্দৰ্ভত শুকুৰবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত নুনমাটি ব্লক কংগ্ৰেছৰ কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই কয় যে, এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত শাসক দলৰ প্ৰাৰ্থীক জয়ী কৰাৰ স্বাৰ্থত একাংশ বিজেপি নেতা-কর্মীয়ে ধনবল, বাহু বলৰ আশ্ৰয় লৈছে ।

আনকি বিৰোধী দলৰ প্ৰাৰ্থীৰ সমৰ্থকক পৌৰ নিগমৰ নিৰ্বাচনত(GMC Election 2022) বিজেপিৰ হৈ সহযোগিতা নকৰিলে চৰকাৰৰ পৰা লাভ কৰা বিভিন্ন আঁচনি কৰ্তন কৰাৰো ভাবুকি প্ৰদান কৰিছে বুলি মনজিৎ মহন্তই মন্তব্য কৰে । গুৱাহাটী পৌৰ নিগমৰ ৫২ নং ৱাৰ্ডতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তোলে কংগ্ৰেছ নেতা মনজিৎ মহন্তই ।

বিৰোধী প্ৰাৰ্থীক সমৰ্থনৰ বাবেই বঞ্চিত হ’ব অৰুণোদয় আঁচনিৰ পৰা !

সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ৫২ নং ৱাৰ্ডৰ লক্ষ্মী মুছাহাৰী নামৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ এগৰাকী মহিলা সমৰ্থকক চৰকাৰৰ অনুগ্ৰহত পাই থকা অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি প্ৰদান কৰিছে এগৰাকী বিজেপি নেতাই (Threatening Arunodoi scheme beneficiary)।

বিজেপিৰ এগৰাকী প্ৰভাৰীয়ে বিৰোধী দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত নমা বাবেই অৰুনোদয় আঁচনিৰ পৰা মহিলাগৰাকীৰ নাম কৰ্তনৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ তোলে । সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ মনজিৎ মহন্তই বিজেপি নেতাগৰাকীয়ে মহিলাগৰাকীক ফোনযোগে ভাবুকি প্ৰদান কৰা অডিঅ’ ক্লিপ শুনায় (Audio clip of threatening Arunodoi scheme beneficiary) । ভুক্তভোগী মহিলাগৰাকীয়ে লগতে কয় যে, BJP এ বিৰোধী প্ৰাৰ্থীৰ ওপৰত চাপ সৃষ্টি কৰাৰ বাবে বিৰোধী দলৰ কাৰ্যালয় ভঙা, ভাবুকি প্ৰদান কৰা আদি বিভিন্ন পন্থা অৱলম্বন কৰিছে ৷ অথচ গোচৰ দিলেও বিজেপিৰ বিৰুদ্ধে গোচৰ নলয় আৰক্ষীয়ে ।

এই ক্ষেত্ৰত ৰিটাৰ্ণিং অফিচাৰৰ দায়িত্বত থকা গুৱাহাটীৰ উপায়ুক্তই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় । নিৰ্বাচন আয়োগে নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ কয়, নিৰ্বাচন আয়োগ আৰু ৰিটাৰ্ণিং অফিচাৰে লাজ পাব লাগে । কিয়নো প্ৰশাসন চৰকাৰী বিষয়াই নহয়, বিজেপিয়ে চলাই আছে ।

ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু জিলা নিৰ্বাচন বিষয়াৰ ভূমিকাক লৈও সৰৱ হৈ পৰা প্ৰদেশ কংগ্ৰেছৰ নেতা মনজিৎ মহন্তই সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ নামত বিজেপি দলৰ একাংশ নেতা-কৰ্মীয়ে কৰা এনে কাৰ্যৰ বিৰুদ্ধে নিৰ্বাচনী বিষয়াই বিধিগতভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

লগতে পঢ়ক:Scam in Gaon Panchayat: মৈৰাবাৰী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details