অসম

assam

ETV Bharat / state

চৰকাৰক কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগ কৰিব সকলো ৰাজনৈতিক দলে ! - লক্ ডাউন

কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে গুৱাহাটীত মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্ব দলীয় বৈঠক ৷ চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সকলো ৰাজনৈতিক দলৰ ৷

all party meeting held by CM sarbananda sonowal to fight against corona virus
all party meeting held by CM sarbananda sonowal to fight against corona virus

By

Published : Apr 12, 2020, 6:16 PM IST

গুৱাহাটী, ১২ এপ্ৰিল:কৰ'ণা ভাইৰাছে সৃষ্টি কৰা প্ৰত্যাহ্বান কিদৰে অতিক্ৰম কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ গ্ৰহণ কৰিবলৈ দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনায় এখন সৰ্বদলীয় বৈঠক ৷ উক্ত বৈঠকত সকলো ৰাজনৈতিক দলে এই যুঁজত চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে । দেওবাৰে দিনৰ ১১ বজাৰ পৰা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আৰম্ভ হোৱা এই সৰ্বদলীয় বৈঠক প্ৰায় চাৰি ঘন্টা জুৰি চলে ।

গুৱাহাটীত মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্ব দলীয় বৈঠক
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমক কয় যে, সকলো ৰাজনৈতিক দলেই এই বৈঠকত চৰকাৰৰ সৈতে হাতে হাত ধৰি আগুৱাই যোৱাৰ সিদ্ধান্ত লয় আৰু কৰ'ণা মহামাৰীক প্ৰতিহত কৰাৰ পণ লয় । সৰ্বদলীয় বৈঠকে কৰ'ণাৰ বিৰুদ্ধে চলা এই যুঁজত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কাম কৰি যোৱা চিকিৎসক, নাৰ্চকে ধৰি সকলো জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকক ধন্যবাদ জ্ঞাপন কৰে । তাৰোপৰি এই বৈঠকত লক্ ডাউন বৃদ্ধি সম্পৰ্কেও বিভিন্ন ৰাজনৈতিক দলে পৰামৰ্শ দাঙি ধৰে ।
চৰকাৰক কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগ কৰিব সকলো ৰাজনৈতিক দলে

ABOUT THE AUTHOR

...view details