গুৱাহাটী, ৩০ আগষ্ট:মহিলা কংগ্ৰেছৰ সৰ্বভাৰতীয় সভানেত্ৰী নেট্টা ডি'ছুজাই(All India women Congress President Netta D Souza)সোমবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেলত অহা ৪ ছেপ্টেম্বৰত দিল্লীৰ ৰামলীলা মৈদানত 'মূল্য বৃদ্ধিৰ বিৰুদ্ধে হাল্লা ব'ল:চ'লো দিল্লী' প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত বাখ্য়া কৰে(Press meet of All India Women Congress)। তেওঁ কয় যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।
সংবাদমেলত বিজেপিৰ পদ্ম ভৱন সন্দৰ্ভত মন্তব্য় কৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে কয় যে মূল্য বৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত বিজেপিৰ এই বৃহৎ অট্টালিকা নিৰ্মাণ আচৰিত বিষয় । তেওঁ পুনৰ কয় যে মূল্যবৃদ্ধিৰ লগতে নিবনুৱা সমস্যাৰ পৰা দেশবাসীক পৰিত্ৰাণ দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহিছিল মোডী চৰকাৰ ।
মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে পুনৰ কয় যে ভাৰতৰ জনসাধাৰণক মুদ্ৰাস্ফীতি(Inflation in India)আৰু নিবনুৱা সমস্যাৰ পৰা মুক্ত ভৱিষ্যতৰ সপোন দেখুওৱা মো়ডী চৰকাৰে শাসনভাৰ লৈয়েই সকলো পাহৰিলে । ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱাই দেশবাসীক আতংকিত কৰিছে । সাধাৰণ জনতাৰ প্রতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে । গেছ ছিলিণ্ডাৰৰ(Price hike of gas cylinder) মূল্যবৃদ্ধিয়েও সকলোকে ব্যতিব্যস্ত কৰি তুলিছে । মোডী চৰকাৰৰ নীতিহীন আঁচনিৰ বাবেই আজি দেশত ভয়াবহ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে ।