গুৱাহাটী, 5 ডিচেম্বৰ : নতুন যান-বাহন আইনৰ দোহাই দি ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে সামগ্ৰী কঢ়িওৱা বাহনৰপৰা অত্যধিক জৰিমনা আদায় কৰা কার্যক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু যান-বাহনৰ গৰাকী ৷ ফলত সোমবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল গুৱাহাটী (AIRTWF Protest in Guwahati)৷
মালবাহী লঘু যান-বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে অত্যধিক জৰিমনা আদায় বন্ধ কৰাৰ দাবীত নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত সোমবাৰে গুৱাহাটীৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ(District Transport Office Guwahati) সন্মূখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ বিভিন্ন ধ্বনি দি গুৱাহাটীৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে ।
কাৰ্যসূচীৰ শেষত মালবাহী লঘু যান-বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে অত্যাধিক জৰিমনা আদায় বন্ধ কৰাৰ দাবী জনাই নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘৰ অসমৰ ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক বীৰেণ শৰ্মা, সংঘৰ বিষয়ববীয়া নৰেন পাঠক আৰু চানু আনচাৰি স্বাক্ষৰিত এখন স্মাৰকপত্ৰ গুৱাহাটী জিলা পৰিবহন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
কাৰ্যসূচীত অংশ লৈ All India road transport workers federation ৰ অসমৰ ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক বীৰেণ শৰ্মাই কয় যে, গুৱাহাটীৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত চলাচল কৰা মালবাহী লঘু যান-বাহনবোৰৰপৰা সামান্য ভুলতেই হাজাৰ হাজাৰ টকা আদায় কৰা কাৰ্যত অতিষ্ঠ হৈ পৰিছে যান-বাহনৰ গৰাকীয়ে । ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক বীৰেন শৰ্মাই সংশ্লিষ্ট কর্তৃপক্ষৰ এনে ভূমিকাত উদ্বেগ প্ৰকাশ কৰি কয় যে ডাঙৰেই হওক বা লঘু যান-বাহনেই হওক ৰাজ্যখনৰ উদং ৰাজকোষ টনকিয়াল কৰাৰ বাবে চৰকাৰে জৰিমনা সংগ্ৰহ কৰাটোৱেই এক কৌশল হিচাবে লৈছে ।