অসম

assam

ETV Bharat / state

কিশোৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত কোন এইগৰাকী আইপিএছ গৌৰৱ উপাধ্যায় ?

এগৰাকী ১৩ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী আইপিএছ বিষয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছ ৷ শেহতীয়াকৈ বি‌টি‌আৰ‌ৰ‌ এখন জিলাত আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি লাভ কৰা‌ আইপিএছ বিষয়া গৰাকীক নিলম্বন কৰাৰ দাবী তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লৈ এক দাবীপত্ৰ প্ৰেৰণ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ অধ্যক্ষ সুস্মিতা দেৱে ৷

By

Published : May 22, 2021, 8:50 AM IST

ips officer
ips officer

গুৱাহাটী, 22 মে':আজিৰ পৰা প্ৰায় ডেৰ বছৰৰ আগতেই এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী আই‌পি‌এছ বিষয়াক শেহতীয়াকৈ বিটিআৰৰ চিৰাং জিলাত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷‌‌

ৰাজ্যত নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাচতে আন ভালেসংখ্যক আৰক্ষী অধীক্ষকৰ লগতে চিৰাং জিলাত গৌৰৱ উপাধ্যায়ক নিযুক্তি দিয়া হয় । অভিযোগ অনুসৰি, এইগৰাকী আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে 2020 চনৰ জানুৱাৰী মাহত কিশোৰী নিৰ্যাতনৰ এক গোচৰ ৰুজু হৈছিল আৰু অসম আৰক্ষীৰ চিআইডি এ গোচৰটোৰ অনুসন্ধান কৰি Protection of Children from Sexual Offences Act, 2012, ৰ‌ অধীনত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে আদালতত অভিযোগনামাও দাখিল কৰিছিল ৷ কিন্তু, অতি আশ্বৰ্যজনকভাৱে এইগৰাকী বিষয়াকে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান কৰা কাৰ্যই সকলোকে সচকিত কৰি তুলিছে । ‌‌

এইগৰাকী বিষয়াক আৰক্ষী অধীক্ষকৰ দায়িত্ব পালন কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে বিষয়াগৰাকীৰ নিলম্বনৰ দাবী তুলি ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ অধ্যক্ষা সুস্মিতা দেৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত আৰক্ষী বিষয়া গৰাকীৰ নাম উল্লেখ নকৰাকৈ সাংসদগৰাকীয়ে আঙুলিয়াই দিছে যে, চি‌আইডিৰ দ্বাৰা অনুসন্ধান সম্পন্ন ধাৰা ৩৫৪ আৰু ৩৫৪ (এ) ৰ গোচৰৰ বিপৰীতে অভিযোগনামা ইতিমধ্যে দাখিল হৈ গৈছে ৷ কিন্তু, তাৰ পাচতো বিষয়াগৰাকীক এখন জিলাত আৰক্ষী অধীক্ষকৰূপে নিযুক্তি দিয়াত অসমত নাৰীৰ নিৰাপত্তাক লৈ যে নতুন চৰকাৰখন অনভূতিশীল নহয় সেয়া স্পষ্ট হৈ পৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে ৷‌‌

তাৎপৰ্যপূৰ্ণভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম কোষৰ অধ্যক্ষা ববিতা শৰ্মাইও এক প্ৰেছ বিবৃতিযোগে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীক চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে আৰু বিষয়াগৰাকীক অতি শীঘ্ৰে নিলম্বন কৰাৰ দাবী উত্থাপন কৰে ৷ এনে পৰিৱেশৰ বাবেই অসমত নাৰীৰ নিৰাপত্তা নিশ্চিত হোৱা নাই বুলিও শৰ্মাই মন্তব্য কৰে ৷‌ ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ দৰে সংস্থাৰ ফালৰ পৰা‌ উত্থাপিত এই দাবী সন্দৰ্ভত নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ভূমিকা লয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব ৷

লগতে পঢ়ক:১৮ টাকৈ হাতীৰ মৃত্যুৰ ৰহস্য: আজিও ৰাজহুৱা হোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

ABOUT THE AUTHOR

...view details