অসম

assam

ETV Bharat / state

উৎপাদিত ফচল সংৰক্ষণক লৈ ভাৰতীয় কিষাণ সংঘ অসমৰ সংবাদমেল - এফচিআই

বৰ্তমানে ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বজাৰৰ অভাৱ ঘটাত পথাৰতে পচিব আৰম্ভ কৰিছে কৃষক সকলৰ উৎপাদিত ফচল ৷ শনিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বােধন কৰি এই ফচল সমূহ বিক্ৰী আৰু সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ভাৰতীয় কিষাণ সংঘ, অসমে ৷

ভাৰতীয় কিষাণ সংঘ, অসমৰ সংবাদমেল
ভাৰতীয় কিষাণ সংঘ, অসমৰ সংবাদমেল

By

Published : May 22, 2021, 8:11 PM IST

গুৱাহাটী , ২২ মে': ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে অসমৰ জন জীৱন স্তব্ধ কৰি তোলাৰ লগতে কৃষক সমাজকো বাৰুকৈয়ে জুৰুলা কৰিছে। ক'ভিড-১৯ ৰ এই জটিল সময়ছোৱাত প্ৰতিজন চিকিৎসাকৰ্মী, সুহৃদ ব্যক্তি তথা আইন শৃংখলাৰ কৰ্মীসকলৈ কৃৰ্তজ্ঞতা জ্ঞাপন কৰিছে ভাৰতীয় কিষাণ সংঘ, অসমে ৷

শনিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বােধন কৰি ক'ভিড-১৯ ৰ এই কঠিন সময়ছোৱাত কৃষকসকলৰ বৰ্তমান আৰু ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভাৰতীয় কিষাণ সংঘ, অসমে ৷ উৎপাদিত শাক পাচলি, বিশেষকৈ তৰমুজ-ৰঙালাওৰ খেতি কৰা কৃষকসকলে বজাৰ মূল্য পোৱাটো দূৰৈৰে কথা, বিক্ৰীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৷

মৰিগাওঁ, ওদালগুৰি, দৰং, লক্ষীমপুৰ আদিকে ধৰি কেইবাখনো জিলাত বৃহৎ পৰিসৰত কৃষকে ৰঙালাও আৰু তৰমুজৰ খেতি কৰে ৷ বৰ্তমানে ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বজাৰৰ অভাৱ ঘটাত পথাৰতে পচিব আৰম্ভ কৰিছে কৃষক সকলৰ উৎপাদিত ফচল ৷ গতিকে এই ফচলসমূহ বিক্ৰী আৰু সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ভাৰতীয় কিষাণ সংঘ, অসমে ৷

তদুপৰি এফচিআইয়ে কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ সময়সীমা ৩০ মেৰ পৰা জুলাই-আগষ্টলৈকে বৃদ্ধি কৰিব লাগে বুলি ভাৰতীয় কিষাণ সংঘ, অসমে দাবী জনাইছে । সীমিত ধান ক্ৰয়কেন্দ্ৰ আৰু উৎপাদন অনুসাৰি কম পৰিমানৰ ধান ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হেতুকে এতিয়াও অধিক সংখ্যক কৃষকে এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰিছে ভাৰতীয় কিষাণ সংঘ, অসমে ৷

ধান ক্ৰয়কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিব লাগে, অসম চিড চাৰ্টিফিকেটৰ টেগ ব্যৱস্থা কৰা, চৰকাৰে অসমত উৎপাদন হোৱা বীজৰ ক্ষেত্ৰত ১০০ শতাংশ অগ্ৰাধিকাৰ দিব লাগে, ৰাসায়নিক সাৰৰ মূল্য হ্ৰাস কৰা, কৃষকৰ বাবে ছয়ল হেলথ কাৰ্ডৰ ব্যৱস্থা কৰা, নিয়োগ তথা স্বনিয়োজনত গুৰুত্ব আৰোপ কৰাৰ ক্ষেত্ৰ চৰকাৰৰ ওচৰত দাবী জনাইছে ভাৰতীয় কিষাণ সংঘ, অসমে ৷

লগতে পঢ়ক:ৰিতুল শইকীয়াৰ বাস গৃহত আনন্দৰ বন্যা

ABOUT THE AUTHOR

...view details