গুৱাহাটী,১০ মে':উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ অৰ্থাৎ একাদশ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীকে উত্তীৰ্ণ ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । এক নিৰ্দেশযোগে শিক্ষা সংসদে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে । উল্লেখ্য যে, বিগত ৪ মে'ৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে সেই পৰীক্ষা পিছুওৱা বুলি শিক্ষা সংসদে ঘোষণা কৰিছিল ৷
পৰীক্ষা বাতিল: একাদশ শ্ৰেণীৰ সকলো শিক্ষাৰ্থী উত্তীৰ্ণ - উৰ্ত্তীৰ্ণ হোৱা বুলি ঘোষণা
একাদশ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীকে উত্তীৰ্ণ ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷ বিগত ৪ মে'ৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল ৷

একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উৰ্ত্তীৰ্ণ ঘোষণা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ
কিন্তু শেহতীয়াকৈ প্ৰকাশ কৰা এক জাননীযোগে শিক্ষা সংসদে ঘোষণা কৰিছে যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা এইবাৰ আৰু অনুষ্ঠিত নহ’ব । প্ৰথম বাৰ্ষিকৰ সকলো ছাত্ৰ-ছাত্ৰীকে পৰীক্ষা অবিহনেই দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰা হৈছে ।
লগতে পঢ়ক :বিদেশৰ পৰা লাভ কৰা সাহায্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ
Last Updated : May 10, 2021, 10:24 PM IST