গুৱাহাটী,৫ মে': ৰাজ্যৰ পৰিৱেশ-পৰিস্থিতি যে মুঠেও ভাল নহয় তাৰে আজি আৰু এক ইংগিত দিলে ৰাজ্য চৰকাৰে । ইতিমধ্যে অসমৰ শিক্ষানুষ্ঠানসমূহ ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সাময়িকভাবে বন্ধ ৰাখিছিল । আনকি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ দুয়োটা বৰ্ষৰ পৰীক্ষাও পিছুৱাই দিছিল চৰকাৰে ।
ৰাজ্যৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা - ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰা হয় এক নতুন নিৰ্দেশ
সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দ্ৰুতহাৰত বৃদ্ধি পাইছে মাহামাৰী কৰ’ণাৰ সংক্ৰমণ । দিনকদিনে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা । বুধবাৰে দুপৰীয়া ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰা হয় এক নতুন নিৰ্দেশ । বুধবাৰৰ পৰা ৰাজ্যৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা ।
শৈক্ষিক প্ৰতিষ্ঠান
কিন্তু বুধবাৰে দুপৰীয়া ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰা হয় এক নতুন নিৰ্দেশ । সেইমৰ্মে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে, সকলো ক'চিং চেন্টাৰ, হোষ্টেল আদি অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে চৰকাৰে । ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।
Last Updated : May 5, 2021, 4:18 PM IST
TAGGED:
Assam covid news