অসম

assam

ETV Bharat / state

Damaged embankments in Assam: ১৫ দিনৰ ভিতৰত ৰাজ্যৰ সকলো মথাউৰি মেৰামতিৰ আশ্বাস পীযুষ হাজৰীকাৰ - ৰাজ্যত হ’ব পাৰে ভয়াৱহ বান

আগন্তুক ১৫ দিনৰ ভিতৰত ৰাজ্যৰ ভগ্ন মথাউৰিসমূহ মেৰামতি কৰা হ’ব (All dams in Assam will be repaired within 15 days) । ইতিমধ্যে আগন্তুক বাৰিষাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৷

Damaged embankments in Assam
বানপানীৰ ভয়াৱহতা ৰোধ কৰিবলৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ

By

Published : Apr 28, 2023, 9:41 PM IST

১৫ দিনৰ ভিতৰত ৰাজ্যৰ সকলো মথাউৰি মেৰামতিৰ আশ্বাস পীযুষ হাজৰীকাৰ

গুৱাহাটী, ২৮ এপ্ৰিল : বাৰিষা সমাগত । বাৰিষাৰ লগে লগে ৰাজ্যত হ’ব পাৰে ভয়াৱহ বান (Floods and erosion in Assam)। বানপানীৰ ভয়াৱহতা ৰোধ কৰিবলৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ । ৰাজ্যৰ মথাউৰিসমূহ কিমান শক্তিশালী হৈ আছে অথবা কি পৰ্যায়ত আছে এই সম্পৰ্কে শুকুৰবাৰে বশিষ্ঠস্থিত অসম ৱাটাৰ চেণ্টাৰত অসম চৰকাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা বছৰত ৰাজ্যত ৪১ টা স্থানত মথাউৰি ভাঙিছিল ৷ লগতে ১২১ টা স্থানৰ মথাউৰি ভঙাৰ পৰা ৰক্ষা পাইছে সমগ্ৰ অসমে । ইতিমধ্যে ভঙা ঠাইত সম্পন্ন হৈছে নির্মাণকার্য ৷ লগতে তেওঁ কয় যে, ৩ ঠাইত মানুহে কাটি দিছিল মথাউৰি ৷ সেয়াও ইতিমধ্যে নির্মাণ হৈছে (Damaged embankments in Assam) ৷

যোৱা বাৰ মুঠ ২৫ টা মথাউৰি ৪১ টা স্থানত ভাঙিছিল । এই সংবাদমেলতে তেওঁ কয় যে, এই বছৰ সমগ্ৰ ৰাজ্যৰ ১০৮ টা স্থানত মথাউৰি ভঙাৰ সম্ভৱনা আছে । সেয়ে ৰাজ্যৰ সেই মথাউৰিসমূহ আগন্তুক ১৫ দিনৰ ভিতৰত মেৰামতি কৰা হ’ব (All dams in Assam will be repaired within 15 days)।

জিঅ’ বেগ সন্দৰ্ভত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, প্ৰায় ১০ লাখ জিঅ’ বেগ সাজু কৰি ৰখা হৈছে এইবাৰ বানপানীৰ সৈতে যুঁজ দিবলৈ । উত্তৰ লখিমপুৰৰ ১৩ টা ঠাইত মথাউৰিৰ ভঙাৰ সম্ভৱনা আছে ৷ সেয়েহে সেই মথাউৰি কেইটাও আগন্তুক ১৫ দিনত মেৰামতি কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে কামত গাফিলতি কৰাৰ বাবে ওদালগুৰিৰ এগৰাকী অভিযন্তাক নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে বুলি উক্ত সংবাদমেলতে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে ১১ টা ৰাজনৈতিক দলৰ সৈতে একত্ৰিত হোৱাৰ প্ৰসংগটো মন্তব্য আগবঢ়ায় । তেখেতে কয়, ‘‘বিৰোধী একত্ৰিত হ’লে একো নহয় ৷ ১১ টা দলৰ নাম মানুহে নাজানেই ৷ কংগ্ৰেছ আৰু AIUDF ভাই-ভাই ৷ এতিয়া কিবা কাজিয়া লাগিছে, পিচত ঠিক হ’ব ৷ কিন্তু কংগ্ৰেছৰ লগত আছে AIUDF’’ ৷

লগতে পঢ়ক :Dantewada IED blast: দান্তেৱাৰাৰ বিস্ফোৰণস্থলীত দুমাহৰ পূৰ্বেই পোতা হৈছিল আই ই ডি

ABOUT THE AUTHOR

...view details