গুৱাহাটী, ১৫ মে': ক্ৰমাৎ যেন সম্পূৰ্ণ লকডাউনৰ দিশে গতি কৰিছে অসম । দেওবাৰৰ পৰা পুৱা ৫ বজাৰ পৰা দিনৰ ১১ বজালৈকেহে ৰাজ্যত খোলা ৰাখিব পাৰিব বিভিন্ন দোকান পোহাৰ বা কাৰ্যালয় আদি । দিনৰ ১২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন ।
দেওবাৰৰ পৰা ৰাজ্যত দিনৰ ১১ বজাতে বন্ধ হ’ব সকলো - সান্ধ্য আইন
দেওবাৰৰ পৰা পুৱা ৫ বজাৰ পৰা দিনৰ ১১ বজালৈকেহে ৰাজ্যত খোলা ৰাখিব পাৰিব বিভিন্ন দোকান-পোহাৰ বা কাৰ্যালয় আদি । দিনৰ ১২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন ।
দেওবাৰৰ পৰা ৰাজ্যত দিনৰ ১১ বজাতে বন্ধ হ’ব সকলো
শনিবাৰে মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰিছে এই সম্পৰ্কে নতুন নিৰ্দেশনা । দিনৰ ১১ বজালৈহে পথত ব্যক্তিগত যান-বাহন চলাচল কৰিব পাৰিব যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত । অৱশ্যে এইক্ষেত্ৰত জৰুৰিকালীন সেৱা সমূহৰ বাবে এই নিৰ্দেশ প্ৰযোজ্য নহ’ব । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ৰাজ্যত বাহাল থাকিব এই ব্যৱস্থা ।
লগতে পঢ়কঃ ডিফুত দিন-দুপৰতে ব্যৱসায়ীক গুলীয়াই হত্যা