অসম

assam

ETV Bharat / state

ক'ভিডৰ প্ৰভাৱ : সংকটত ৰাজ্যৰ ৪৮ টা যাত্রাদলৰ দুই সহস্ৰাধিক লোক - কভিডৰ প্ৰভাৱ

সংবাদমেল যোগে সদৌ অসম যাত্ৰাদল প্ৰয়োজক সন্থাৰ আহ্বান, যাত্রাদলৰ প্ৰয়োজকসকলক পাঁচ লাখ টকাৰ আৰ্থিক অনুদান দিয়ক । যাত্ৰাদলৰ শিল্পী সকলৰ বাবে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰক । ক'ভিড বিধি অনুসৰিয়েই যাত্রাদল সমূহক নাট পৰিবেশন কৰিবৰ বাবে অনুমতি প্ৰদানৰ আহ্বান যাত্ৰাদল প্ৰয়োজক সন্থাৰ বিষয়ববীয়াৰ ।

all Assam Yatra dol Producers Association
সংকটত ৰাজ্যৰ ৪৮ টা যাত্রাদলৰ দুই সহস্ৰাধিক লোক

By

Published : Sep 23, 2021, 9:16 PM IST

গুৱাহাটী,২৩ ছেপ্টেম্বৰ : ক'ভিড পৰিস্থিতিৰ বাবে অসমৰ ৪৮ টা যাত্ৰাদলৰ দুই সহস্ৰাধিক লোকৰ বৰ্তমান পানীত হাঁহ নচৰাৰ অৱস্থা সৃষ্টি হৈছে । চৰকাৰে শেহতীয়াকৈ শাৰদীয় দুৰ্গোৎসৱৰ বাবে অনুমতি প্ৰদান কৰিছে যদিও সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্রত বাধা প্ৰদান কৰাত যাত্রাদলৰ লোকসকল নিৰাশ হ'বলগীয়া হৈছে ।

সংকটত ৰাজ্যৰ ৪৮ টা যাত্রাদলৰ দুই সহস্ৰাধিক লোক

এনে পৰিস্থিতি নতুন এছ অ' পি জাৰি কৰি দুৰ্গাপূজাত সাংস্কৃতিক অনুষ্ঠানৰ বাবে অনুমতি প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনাইছে সদৌ অসম যাত্ৰাদল প্ৰয়োজক সন্থাই । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত সদৌ অসম যাত্ৰাদল প্ৰয়োজক সন্থাই এই দাবী উত্থাপন কৰে । সন্থাই যাত্রাদলৰ প্ৰয়োজকসকলক পাঁচ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ লগতে যাত্ৰাদলৰ শিল্পী সকলৰ বাবে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ।

লগতে পঢ়ক:কংগ্ৰেছৰ ২১২ জনৰ বিৰুদ্ধে দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ

সংবাদমেলত সন্থাৰ সভাপতি নৱ শৰ্মাই কয়, অসমৰ নাট্য সংস্কৃতিৰ মুল ভেঁটি যাত্রাদল হৈছে অসমৰ ভ্রাম্যমান থিয়েটাৰৰ মূল কঠিয়াতলি । নাট্য সংস্কৃতিৰ মূল বাহক যাত্রাদলে এক সুকীয়া প্রসাৰতা লাভ কৰিবলৈ সক্ষম হৈছে । অসমৰ এই যাত্রা দল সমূহ একো একোটা ক্ষুদ্র উদ্যোগত পৰিণত হৈছে । যাত্রাদলৰ প্রযােজক সকলৰ বাবেই বহু অভিনেতা-অভিনেত্রীৰ সৃষ্টি হােৱাৰ লগতে বহু নাট্যকাৰৰ জন্ম হৈছে ।

বিশেষকৈ নামনি অসমত যাত্রাদলে নাটকক অনন্য মাত্রা প্রদান কৰি সমাজত এক বিশেষ বার্তা বহন কৰি আহিছে । একোটা যাত্রাদলত অতি কমেও ৩০ গৰাকী অভিনেতা-অভিনেত্রীৰ লগতে কলা কুশলী জড়িত হৈ থাকে । বিশেষকৈ নামনি অসমৰ পূজা, সভা বা জন্মজয়ন্তী আদিৰ এক এৰাব নােৱাৰা অংগ হৈছে যাত্রাদলসমূহ ।

লগতে পঢ়ক:গৰুখুটিৰ উচ্ছেদ অভিযানত উত্তেজনা; আৰক্ষীৰ গুলীত নিহত দুজন

সংবাদমেলত সন্থাৰ কাৰ্যকৰী সভাপতি গকুল মহন্তই কয়, ৰাজ্যৰ ৪৮ টা যাত্রাদলত অভিনেতা-অভিনেত্রী তথা কলা-কুশলীকে ধৰি দুই সহস্ৰাধিক লোক জড়িত হৈ আছে । কিন্তু ক'ভিড মহামাৰীৰ বাবে বিগত বৰ্ষৰ পৰা এই যাত্রাদলসমূহে অভাৱনীয় সংকটৰ সন্মুখিন হৈ আহিছে । ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে যাত্রাদলৰ প্রযােজক সকল ।

যাত্রাদলৰ প্রযােজক সকল ৰজাঘৰীয়াৰ পৰাও উপেক্ষিত হৈ আছে । এইবাৰ পৰিৱেশ কিছু উন্নত হােৱাত আৰু ভ্রাম্যমান নাট্যদলসমূহক চৰকাৰে আখৰা কৰাৰ বাবে ক'ভিড বিধিৰ মাজতেই অনুমতি দিয়াত অসমৰ যাত্রাদলসমূহে নতুন উদ্যমেৰে নাট পৰিবেশন কৰিবলৈ সাজু হৈছিল । কিন্তু পূজাত সাংস্কৃতিক অনুষ্ঠান নহ'ব বুলি চৰকাৰে ঘোষণা কৰাৰ লগে লগে যাত্রাদলসমূহৰ আশাত চেঁচাপানী পৰিল ।

লগতে পঢ়ক:বিজেপিৰ কাৰ্যনিৰ্বাহক সভা : কেইবাটাও ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ

এতিয়া পুনৰ আন এক বিপর্যয়ৰ সম্মুখীন হ'বলগীয়া হ'ল যাত্রাদলৰ প্ৰয়োজকসকল । ইতিমধ্যে চৰকাৰী ঘোষণাৰ পাছতেই বহুকেইখন দুর্গা পূজাৰ আহায়ক সমিতিয়ে যাত্রাদলৰ সৈতে হোৱা চুক্তি বাতিল কৰিছে । এনে পৰিস্থিতি নাটক কৰিব নোৱাৰিলে আমাৰ প্রযােজক, শিল্পী, কলা-কুশলী সকলে নাখাই মৰিব লগীয়া হ'ব ।

মহন্তই লগতে কয়, যাত্রাদলে ক'ভিড প্ৰটক'ল মানি চলি নাটক কৰিব পাৰে । কাৰণ এখন মঞ্চত নাট পৰিবেশন কৰাৰ সময়ত একোটা দলৰ পাঁচ বা ছয় জন শিল্পীহে মঞ্চত থাকে । যাত্রাদলৰ দর্শকৰ সংখ্যা নিচেই তাকৰ । গতিকে ক'ভিড প্রট'কল সুন্দৰকৈ মানি চলিব পাৰি । আমি চৰকাৰক ক'ভিড বিধি অনুসৰিয়েই যাত্রাদল সমূহক নাট পৰিবেশন কৰিবৰ বাবে অনুমতি প্ৰদানৰ বাবে আহ্বান জনালো ।

লগতে পঢ়ক:লখিমপুৰত মুণ্ডন কৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

আনহাতে বিগত দুটা বছৰে যাত্রাদলৰ প্রযােজকসকলে সন্মুখীন হোৱা বৃহৎ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই । তদুপৰি চৰকাৰে যাত্রাদলৰ অভিনেতা-অভিনেত্রী, শিল্পী, কলা-কুশলীক এককালীন আর্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা, সদৌ অসম যাত্রাদল প্রযােজক সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক যাত্রাদলৰ অভিনেতা-অভিনেত্রীৰ লগতে শিল্পী-কলা-কুশলীক শিল্পী পেন্সন দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই গকুল মহন্তই ৷

লগতে পঢ়ক:চলে-বলে বনকৰা কিশোৰীক পাঁচমহীয়া অন্তঃসত্বা কৰিলে বৃদ্ধই

ABOUT THE AUTHOR

...view details