গুৱাহাটী, ১৬ মে':শিলসাকোঁৰ উচ্ছেদক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম ট্ৰাইবেল সংঘ । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰীয়ে কয় যে চৰকাৰে ভূমিপুত্ৰ সকলক উচ্ছেদ নকৰা বা বন আইনৰ অধীনত ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল(Press Conference of All Assam Tribal Association) ।
কিন্তু শিলসাকোঁ বিলৰ উচ্ছেদৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত স্থিতি দেখা গ'ল চৰকাৰৰ । চৰকাৰে কোনো ধৰণৰ অগ্ৰীম জাননী প্ৰেৰণ নকৰাকৈয়ে বৰ্বৰভাৱে উচ্ছেদ কৰিলে জনজাতীয় খিলঞ্জীয়া লোকসকলক । মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে সম্পাদকগৰাকীয়ে ।
উচ্ছেদিত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দি পুনৰ সংস্থাপন কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে(Demand suitable compensation to the evicted people) । এই লোকসকল কেনেকৈ তাত বহিছিল প্ৰথমে তাক তদন্ত কৰিব লাগিছিল চৰকাৰে । কমিচনৰ অংকত তেওঁলোকক শিলসাঁকো বিলত বহিবলৈ দিয়াৰ অভিযোগ কৰে । শিলসাকোঁ বিলত থকা দুখনকৈ হোটেল আৰু বিলাসী এপাৰ্টমেন্টত কিয় প্ৰশাসনৰ বুলডজাৰ নচলিল তাকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে সদৌ অসম ট্ৰাইবেল সংঘই ।