গুৱাহাটী, ১০ জুন: চলিত বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত শিল্পী বঁটা প্ৰদান কৰা হ'ব ৷ এই বিষয়ে সদৰী কৰিছে সদৌ অসম সত্ৰ মহাসভাই ( Press Meet of All Assam Satra Mahasabha)। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সদৌ অসম সত্ৰ মহাসভাই আয়োজন কৰা এক সংবাদমেলত ৰাষ্ট্ৰীয় পৰ্যায়ত শিল্পী বঁটা প্ৰদান কৰাৰ বিষয়ে ঘোষণাা কৰা হৈছে । সংবাদমেল সম্বোধন কৰে সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি হৰিদেৱ গোস্বামী, প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী, সাধাৰণ সম্পাদক ড৹ অমিয়া পাটৰৰ লগতে বহুকেইগৰাকী ভকত বৈষ্ণৱে (All Assam Satra Mahasabha announces Award)।
প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীয়ে কয় যে নগাঁও জিলাৰ পুৰণিগুদাম চলচলিৰ শ্ৰী শ্ৰী জগৰাল সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ,সত্ৰীয় সংস্কৃতিৰ সাধক প্ৰয়াত নৰেন্দ্ৰ নাথ গোস্বামী আৰু সহধৰ্মিনী বিনু গোস্বামীৰ সোঁৱৰণত প্ৰদান কৰা হ'ব এই বঁটা। দৰং জিলা মঙলদৈৰ সত্ৰীয়া শিল্পী কুশল কুমাৰ ডেকাক প্ৰদান কৰা হ'ব ২২-২৩ বৰ্ষৰ এই বঁটা । লগতে শিৱসাগৰৰ কাৱৈমাৰী সত্ৰৰ সত্ৰীয়া শিল্পী ৰুবুল মহন্তক প্ৰদান কৰা হ'ব ২৩-২৪ বৰ্ষৰ এই বঁটা । অহা ৯ জুলাইত শ্ৰীমন্ত কলাক্ষেত্ৰৰ বানীকান্ত কাকতি প্ৰেক্ষাগৃহত ভাৰতৰ ভক্তি আন্দোলন আৰু বৈষ্ণববাদ ওপৰত এখনি আলোচনা চক্ৰৰো আয়োজন কৰা বুলি সংবাদমেলত সদৰী কৰে । এই আলোচনা চক্ৰত বৃক্তৃতা আগবঢ়াব দিগন্ত বিশ্ব শৰ্মাই ।