গুৱাহাটী, 2 চেপ্তেম্বৰঃ আগন্তু 1 নবেম্বৰৰ পৰা 12 নবেম্বৰলৈ চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হ'ব 21 সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত জৰিয়তে অৱগত কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধিৰাজ গোস্বামীয়ে । অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থ মেলা খন উৎসৰ্গিত হ'ব বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইডৰ স্মৃতিত ৷ ইয়াৰ উপৰিও গ্ৰন্থমেলা খনৰ মূল মঞ্চ খন উৎসৰ্গিত হ'ব জি এল আগৰৱালা আৰু শিল্পী বেনু মিশ্ৰৰ সোঁৱৰণীত । প্ৰতিবছৰৰ দৰে এইবাৰো গ্ৰন্থমেলাত অনুষ্ঠিত হ'ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে আলোচনা চক্ৰ, সাহিত্য অনুষ্ঠান আদি । আনহাতে,১০ হাজাৰ টকাৰ ওপৰত অসমীয়া গ্ৰন্থ ক্ৰয় কৰা ব্যক্তি সকলক আয়োজকে বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ কথাও প্ৰকাশ কৰে ।
21 সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা - বিক্ৰেতা সন্থা
প্ৰতিবছৰৰ দৰে এইবাৰো গ্ৰন্থমেলাত অনুষ্ঠিত হ'ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে আলোচনা চক্ৰ, সাহিত্য অনুষ্ঠান আদি । আনহাতে,১০ হাজাৰ টকাৰ ওপৰতে অসমীয়া গ্ৰন্থ ক্ৰয় কৰা ব্যক্তি সকলক আয়োজকে বিশেষভাৱে সম্বৰ্ধনা জনাব
21 সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা
লগতে গ্ৰন্থ মেলাত অংশগ্ৰহণ কৰিব বিচৰা বিপনী সমূহৰ অংশগ্ৰহণৰ অন্তিম তাৰিখ 15 অক্টোবৰ । 23 অক্টোবৰত বিপনী সমূহৰ স্থানৰ বিষয়ে লটাৰী যোগে জনোৱা হ'ব । এইবাৰ গ্ৰন্থমেলা খনৰ বাবে আয়োজকে পুঁজি নিৰ্ধাৰণ কৰিছে 50 লক্ষ টকা ।