গুৱাহাটী, ৮ জানুৱাৰী : মহানগৰীৰদিছপুৰত অব্যাহত আছে সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ । প্ৰায় শতাধিক শিক্ষক কৰ্মচাৰীয়ে অংশ লয় এই প্ৰতিবাদত। ইয়াৰ পিচতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দি সকলো প্ৰতিবাদকাৰীক আটক কৰি 4th APBN লৈ যায় ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চচলৰ প্ৰতিবাদস্থলীত চাকৰি নিয়মীয়াকৰণৰ লগতে ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰতিবাদ কৰি আহিছিল শিক্ষকে । তাৰ পিচতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতো কেইবালানিও বৈঠকত বহিছিল প্ৰতিবাদকাৰী শিক্ষকসকলে ।
কিন্তু আজিলৈকে কোনো সুদুত্তৰ নোপোৱাত ক্ষোভিত হৈ পৰে শিক্ষকসকল। ইয়াৰ ফলত সোমবাৰে শিক্ষকসকলে দিছপুৰৰ লাষ্টগেটত একগোট হৈ দিছপুৰ চল’ কাৰ্যসূচীৰ হাতত লয় । কিন্তু আধা বাটতে আৰক্ষীয়ে প্ৰতিবাদকাৰী শিক্ষকসকলক বাধা প্ৰদান কৰি আটক কৰি লৈ যায় ৷ প্ৰতিবাদকাৰী শিক্ষকসকলে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আহ্বানত 2017-18 চনৰ পদ প্ৰাদেশিকীকৰণৰ পূৰ্ণাংগ সংশোধন, মধ্যাহ্ন ভোজন বিতৰণ, বিনামূলীয়া পাঠ্যপুথি বিতৰণ, শিক্ষাসেতু পৰ্টেলত ভেঞ্চাৰ শিক্ষকসমূহক স্বীকৃতিপ্ৰাপ্ত কৰাৰ দাবীত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি দিছপুৰ চল’ কাৰ্যসূচী হাতত লৈছিল ।