অসম

assam

ETV Bharat / state

সদৌ অসম এন এইছ এম কৰ্মচাৰীৰ প্ৰতিবাদ - সদৌ অসম এন এইছ এম প্ৰতিবাদ

শুকুৰবাৰে চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম এন এইছ এম পেৰা মেডিকেল কৰ্মচাৰী সকলে ৷ চাকৰি নিয়মীয়াকৰণৰ লগতে চাকৰিৰ সময়সীমা বৃদ্ধি কৰাৰ দাবীত স্বাস্থ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷

As-ghy-NHM protest-vis-as100003
সদৌ অসম এন এইছ এম কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Jan 29, 2021, 4:50 PM IST

গুৱাহাটী,29 জানুৱাৰী: চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম এন এইছ এম পেৰা মেডিকেল কৰ্মচাৰীৰ প্ৰতিবাদ ৷ শুকুৰবাৰে চচলত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে পেৰা মেডিকেল কৰ্মচাৰী সকলে ৷ ২০০৬ বৰ্ষত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত চিকিৎসক, ফাৰ্মাচিষ্ট, নাৰ্চ, লেব’ৰটৰী টেকনিছিয়ান, প্ৰ’গ্ৰেম মেনেজমেণ্ট ষ্টাফ আদি পদত ২১ হাজাৰ নিবনুৱা যুৱক-যুৱতীক ঠিকাভিত্তিত নিযুক্তি প্ৰদান কৰা হৈছিল । কৰ’ণাৰ মহামাৰীৰ সময়তো এইসকল কৰ্মচাৰীয়ে দিনে নিশাই স্বাস্থ্য সেৱাত নিয়োজিত হৈ আছিল । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ আহিলে এই ২১ হাজাৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সদৌ অসম এন এইছ এম কৰ্মচাৰীৰ প্ৰতিবাদ

বিগত ১৫ বছৰৰো অধিক কাল ঠিকাভিত্তিত কাম কৰাৰ পিছতো ৰাজ্য চৰকাৰে এই সকল পেৰা মেডিকেল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে । সেয়েহে নূন্যতম দৰমহাৰে কাম কৰা এইসকল অস্থায়ী কৰ্মচাৰীক ৰাজ্যিক কৰ্মচাৰীৰ সমহাৰত দৰমহা আদায় দিযাৰ দাবীত সদৌ অসম এন এইছ এম পেৰা মেডিকেল কৰ্মচাৰী পৰিষদৰ উদ্যোগত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় । ইয়াৰ উপৰিও কৰ্মচাৰী সকলৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি কৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ স্থায়ী পদত কৰ্মচাৰী সকলক মকৰল কৰা আদি দাবী সম্বলিত এখন স্মাৰক আৰক্ষীৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদী সকলে । অহা পোন্ধৰ দিনৰ ভিতৰত এই ২১ হাজাৰ এন এইছ এম কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে বৃহৎ প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদী স্বাস্থ্য কৰ্মী সকলে।

লগতে পঢ়ক-গোলাঘাটত স্বামীয়ে তেল ঢালি জ্বলাই দিলে পত্নীক

ABOUT THE AUTHOR

...view details