অসম

assam

Mid Day Meal Workers : ন্যায্য প্ৰাপ্তিৰ দাবী মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকাৰ সংবাদমেল

By

Published : May 24, 2023, 9:37 AM IST

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকাই আয়োজন কৰে এক সংবাদমেল (Mid Day Meal Workers Union press meet) ৷ এই সংবাদমেলতে মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ সমালোচনা কৰাৰ লগতে তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনায় ৷ অন্যথা আন্দোলনৰ হুংকাৰ প্ৰদান কৰে মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকাসকলে ৷

Mid Day Meal Workers
ৱাহাটী প্ৰেছ ক্লাৱত মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকাৰ সংবাদমেল

ৱাহাটী প্ৰেছ ক্লাৱত মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকাৰ সংবাদমেল

গুৱাহাটী, ২৩ মে’ :‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী মন্ত্ৰীত্ব পদৰ যোগ্য নহয় ৷ কিয়নো ‘‘বেটি বচাও বেটি পঢ়াও’’ কোৱা চৰকাৰখনে নুবুজে বেটিৰ মূল্য ৷ চৰকাৰখনে অত বছৰে বিদ্যালয়বোৰত ৰান্ধনী হিচাপে কাম কৰি পৰিয়াল পোহপাল দিয়া মহিলাসকলক আঁতৰাই বিপদৰ মুখলৈ ঠেলি দিছে ৷’’ মঙলবাৰে গুৱাহাটি প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী, সহায়িকা সন্থাৰ সভাপতি খোদেজা খাতুনে (All Assam Mid Day Meal Workers Union)৷

সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী, সহায়িকা সন্থাৰ সভাপতিগৰাকীয়ে কয়, ‘‘যদি মুখ্যমন্ত্ৰীয়ে বিচাৰে এক মিনিটতে মধ্যাহ্ন ভোজনৰ ৰান্ধনী, সহায়িকাসকলৰ দাবী পূৰণ কৰিব পাৰে ৷ কিন্তু কৰা নাই ৷ যদিহে মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে এই ৰান্ধনীসকলৰ দাবী পূৰ্ণ নকৰে, তেন্তে আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ম’’ ৷

লগতে পঢ়ক :Protest at Kahilipara : কাহিলিপাৰাত মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ

এই সংবাদমেলতে খোদেজা খাতুনে চৰকাৰক ৰান্ধনী সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে তেওঁলোকৰ দৰমহা ১৫০০ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰা, পেঞ্চন আঁচনিৰ লগতে মেডিকেল সুবিধা প্ৰদান কৰা, মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন কার্য NGO ক হস্তান্তৰ কৰা বন্ধ কৰাৰ দাবী উত্থাপন কৰে ।

তেওঁ কয়, ‘‘অসমত ১,১৮,৯৯৮ গৰাকী ৰান্ধনী আৰু সহায়িকাই ২০০৪ চনৰ পৰা বহু পৰিশ্ৰমৰ মাজেদি চৰকাৰী বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ ৰন্ধন সেৱা আগবঢ়াই আহিছে । কঠোৰ পৰিশ্ৰমৰ মাজেৰে উক্ত সেৱা আগবঢ়াই অহাৰ পিচতো চৰকাৰে মাত্ৰ ১৫০০ টকাৰ মাননী অনিয়মিতভাৱে আগবঢ়াই আহিছে । উক্ত টকাৰে পৰিয়ালৰ লগতে সন্তানক উন্নতমানৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে’’ ।

লগতে পঢ়ক :Junmoni Rabha death case: আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ত হাছিনা বেগম; ৯ ব্যক্তিৰ বিৰুদ্ধে দাখিল এজাহাৰ

ABOUT THE AUTHOR

...view details