ৰাজ্যজুৰি ন্যায়িক কৰ্মচাৰীৰ ধৰ্মঘটৰ হুংকাৰ - সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই ঘোষণা কৰিলে অসহযোগ আন্দোলন
ন্যায়িক কৰ্মচাৰী সকলৰ ন্যায্য দাবী সমূহ পূৰণ নকৰাৰ দাবী তুলি 12 ছেপ্টেম্বৰত ৰাজ্যজুৰি ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই
![ৰাজ্যজুৰি ন্যায়িক কৰ্মচাৰীৰ ধৰ্মঘটৰ হুংকাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4238946-thumbnail-3x2-judicial-employee-protest.jpg)
গুৱাহাটী, 25 আগষ্ট : 12 ছেপ্টেম্বৰত ৰাজ্যজুৰি ন্যায়িক কৰ্মচাৰীৰ ধৰ্মঘট । সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই ঘোষণা কৰিলে অসহযোগ আন্দোলন । চৰকাৰে ন্যায়িক কৰ্মচাৰীৰ দাবী পূৰণ নকৰাৰ অভিযোগ । দাবী পূৰণ নকৰিলে পৰৱৰ্তী সময়তো ন্যায়ালয়ক সহযোগ নকৰাৰ হুংকাৰ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ । লক্ষণীয় যে ন্যায়িক কৰ্মচাৰী সকলৰ ন্যায্য দাবী সমূহ পূৰণ কৰাৰ নিমিত্তে সন্থাই বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আহিছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই অসম চৰকাৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ে । গতিকে চেট্টি আয়োগৰ পৰামৰ্শৱলী পূৰণ কৰাৰ দাবীত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই অসহযোগ আন্দোলন ঘোষণা কৰে ।