গুৱাহাটী, ২১ জুন:অহা ২৭ জুনত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি ঘোষণা । ছেট্টী আয়োগৰ পৰামৰ্শৱলী সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰাৰ লগতে দীৰ্ঘদিনীয়া ন্যায্যপ্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে সন্থাৰ সদস্যসকলে ।
গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি সন্থাৰ সাধাৰণ সম্পাদক উৎপল কলিতাই কয় যে, ২৭ জুনত দিনযোৰা কাৰ্যসূচীৰে সৰ্বাত্মক কর্মবিৰতি পালন কৰা হ'ব। সংবাদমেলখনত দাবী কৰা অনুসৰি সন্থাৰ মূল দাবী হৈছে ৰাষ্ট্রীয় দৰমহা আয়োগে ছেট্টী কমিছনৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণ কৰা ৷ ইয়াৰ লগতে জিলা পৰ্যায়ৰ ন্যায়িক কৰ্মচাৰীসকলৰ দৰমহা গাঁঠনি (R.O.P) 2017 ত অন্তর্ভুক্ত নোহোৱাৰ ফলত দৰমহা প্ৰদানৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যা, জাৰিকাৰক সকলৰ ভ্ৰমণ বনাছৰ সমস্যা, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদোন্নতিৰ হাৰ ছেট্টী কমিছনৰ পৰামৰ্শৰ আধাৰত নিৰ্ধাৰণ নকৰা, সকলো জিলাৰ আদালত সমূহত গ্রেড অনুযায়ী বেঞ্চ ক্লার্কৰ পদ সৃষ্টি নকৰা আদি বিভিন্ন জলন্ত সমস্যা সমাধানৰ দাবীত এই কাৰ্যসূচী হাতত লোৱা হৈছে।