অসম

assam

By

Published : Dec 21, 2019, 9:37 PM IST

Updated : Dec 21, 2019, 11:31 PM IST

ETV Bharat / state

স্বাধীনতাৰ সময়ৰ পৰাই অৱহেলিত তথা বঞ্চিত অসমৰ জনসাধাৰণ : ডঃ হীৰেণ গোঁহাই

সাংবাদিকসকলে আয়োজন কৰা গণ বিক্ষোভ কাৰ্যসূচীত অংশ লৈ বিশিষ্ট সাহিত্যিক হীৰেণ গোঁহায়ে সাংবাদিকসকলক উদ্দেশ্যি কয়,আইনখনে থলুৱা ৰাইজৰ কাৰণে বিপদ মাতি আনিছে ৷ সাংবাদিকৰ কাম হৈছে নিৰপেক্ষভাৱে তথ্যভিত্তিক বাতৰি পৰিবেশন কৰা, কিন্তু দেশৰ বিপদৰ সময়ত নিৰপেক্ষৰতাৰ অৱকাশ নাথাকে ৷

গোঁহায়ে সাংবাদিকসকলক উদ্দেশ্যি কয়,আইনখনে থলুৱা ৰাইজৰ কাৰণে বিপদ মাতি আনিছে
সাংবাদিকসকলে আয়োজন কৰে গণ বিক্ষোভ কাৰ্যসূচী

গুৱাহাটী,21 ডিচেম্বৰঃশনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত অনুষ্ঠিত হয় এক গণ অৱস্থান কাৰ্যসূচী । এই কাৰ্যসূচীত অংশ লয় সাহিত্যিক হীৰেণ গোহাঁই,প্ৰশান্ত ৰাজগুৰুকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ‌। হীৰেণ গোঁহায়ে সাংবাদিকসকলক উদ্দেশ্যি কয়,এই আইনখনে থলুৱা ৰাইজৰ কাৰণে বিপদ মাতি আনিছে ৷ অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ মাজত চৰকাৰে যি অশান্তি আৰু সংঘাতৰ সৃষ্টি কৰিব খুজিছে সেই সম্পৰ্কে সাংবাদিকসকলে ৰাইজক অৱগত কৰি আছে ।

স্বাধীনতাৰ সময়ৰ পৰাই অৱহেলিত,বঞ্চিত অসমৰ জনসাধাৰণঃহীৰেণ গোঁহাই

সাংবাদিকৰ কাম হৈছে নিৰপেক্ষভাৱে তথ্যভিত্তিক বাতৰি পৰিবেশন কৰা । কিন্তু দেশৰ বিপদৰ সময়ত নিৰপেক্ষৰতাৰ অৱকাশ নাথাকে । বৰ্তমান ৰাজ্যৰ পৰিস্থিতি সম্পৰ্কে বুজাই নক’লেও হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাহিত্যিক গৰাকীয়ে । লগতে অসমৰ থলুৱা ৰাইজে স্বাধীনতাৰ সময়ৰ পৰাই অৱহেলিত,বঞ্চিত হৈ আহিছে বুলি ক্ষোভ উজাৰে ৷

লগতে চাওকঃৰাজ্যত হিংসাত্মক প্ৰতিবাদৰ তদন্তৰ বাবে বিশেষ দল গঠন

Last Updated : Dec 21, 2019, 11:31 PM IST

ABOUT THE AUTHOR

...view details