গুৱাহাটী, ১৭ ডিচেম্বৰ: বিদ্যুৎ বিভাগৰ কেইবাটাও শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হ’ল গ্ৰাহক অভিৱৰ্তন ৷ অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনৰ উদ্যোগত অনুষ্ঠিত অভিৱৰ্তনৰ জৰিয়তে বিদ্যুৎ বিভাগক কৰা হ’ল একাধিক দাবী ৷ পৰৱৰ্তী সময়ত বিদ্যুৎ বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনৰো যো-জা চলাইছে ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনে (All Assam Electricity Consumers Association)৷
ৰাজ্যত শেহতীয়াকৈ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বিদ্যুতৰ বিল, বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ বেচৰকাৰীকৰণ, বিদ্যুৎ সংশোধনী বিধেয়ক-২০২০ (Electricity amendment bill 2020) আৰু প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ(Smart electricity meter Assam) বিৰোধিতা কৰিছে অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনে ৷ বিদ্যুৎ খণ্ডৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে অসম সাহিত্য সভাৰ লক্ষ্মীনাথ বৰুৱা সদনত অনুষ্ঠিত কৰা হয় ৰাজ্যিক বিদ্যুৎ গ্ৰাহক অভিৱৰ্তন ৷ অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনৰ উদ্যোগত আয়োজিত এই অভিৱৰ্তনত আমন্ত্ৰিত বক্তা হিচাবে উপস্থিত থাকে দিল্লীৰ বিদ্যুৎ গ্ৰাহক আন্দোলনৰ নেতা আৰু অল ইণ্ডিয়া ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ কাৰ্যকৰী সভাপতি ৰমেশ পৰাশৰ আৰু সমাজকৰ্মী বিমল দাস ৷