আছুক উভতি ধৰিলে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে
" সদৌ অসম ছাত্ৰ সন্থাৰ ষড়যন্ত্ৰৰ বলি হ'ল হিন্দু বঙালী ৷ লাখ লাখ হিন্দু বঙালীৰ বিৰুদ্ধে আপত্তি দৰ্শাই ষড়যন্ত্ৰ কৰিলে আছুৱে " ৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই আছুৰ বিৰুদ্ধে সৰৱ হ'ল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু অসম অনুসূচীত জাতি সুৰক্ষা পৰিষদ ৷
গুৱাহাটী, 04 ছেপ্তেম্বৰঃ " সদৌ অসম ছাত্ৰ সন্থাৰ ষড়যন্ত্ৰৰ বলি হ'ল হিন্দু বঙালী ৷ লাখ লাখ হিন্দু বঙালীৰ বিৰুদ্ধে আপত্তি দৰ্শাই ষড়যন্ত্ৰ কৰিলে আছুৱে " ৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই আছুৰ বিৰুদ্ধে যৌথ সংবাদমেল পাতি এনেদৰে সৰৱ হ'ল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু অসম অনুসূচীত জাতি সুৰক্ষা পৰিষদ ৷ সংবাদমেলত সংগঠন দুটাই প্ৰায় 11 লাখ হিন্দু বঙালী আৰু অনুসূচীত জাতিৰ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে বুলি অভিযোগ কৰে ৷ লগতে এই ক্ষেত্ৰত এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ ভূমিকাক সমালোচনা কৰি সংগঠন দুটাই এন আৰ চিৰ পুনৰীক্ষণ কৰি যি সকল স্বদেশীৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে সেই সকলৰ নাম বিনাচৰ্তে অন্তৰ্ভুক্ত কৰিব লাগে বুলিও দাবী উত্থাপন কৰে ৷