গুৱাহাটী, 23 ফেব্ৰুৱাৰীঃ'এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই ইচ্চাকৃতভাৱে হিন্দু বঙালী সকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰা নাই ৷' এই অভিযোগ সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যনৰ সভাপতি মহানন্দ চৰকাৰ দত্তৰ৷ ৰাজ্যৰ হিন্দু বঙালীসকলৰ বিভিন্ন সমস্যা সমাধানৰ স্বাৰ্থত জন্মলাভ কৰা সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যন চাৰিটা ভাগত বিভক্ত হৈছিল ৷ দেওবাৰে বিভক্ত হোৱা সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যনৰ তিনিটা গোট একত্ৰিত হৈ, হিন্দু বাঙালী সকলৰ স্বাৰ্থত সংকল্প গ্ৰহণ কৰে ৷ এই অনুষ্ঠানতে সভাপতি গৰাকীয়ে তীব্ৰ সমালোচনা কৰে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক গৰাকীক ৷
প্ৰতীক হাজেলাক তীব্ৰ সমালোচনা মহানন্দ চৰকাৰ দত্তৰ - হিন্দু বঙালী
সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যনৰ সভাপতি মহানন্দ চৰকাৰ দত্তৰ অভিযোগ ! 'এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই ইচ্চাকৃতভাৱে হিন্দু বঙালীসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰা নাই ৷'
মহানন্দ চৰকাৰ দত্ত
লগতে পঢ়কঃ