অসম

assam

ETV Bharat / state

বঙালী অধ্যুষিত সমষ্টিত বঙালী প্ৰাৰ্থীৰ দাবী বাঙালী ফেডাৰেশ্যনৰ

দেওবাৰে সংবাদমেল সম্বোধন কৰি দীৰ্ঘদিন ধৰি কৰি অহা দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৷ লগতে বঙালী অধ্যুষিত সমষ্টিত 15 গৰাকী বঙালী প্ৰাৰ্থীৰ দাবী সংগঠনটোৰ ৷

bengali federation pressmeet
বাঙালী ফেডাৰেশ্যনৰ সংবাদমেল

By

Published : Jan 31, 2021, 8:04 PM IST

গুৱাহাটী,31 জানুৱাৰী : গুৱাহাটী মহানগৰীত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ৷ সংবাদমেলযোগে দীৰ্ঘদিন ধৰি কৰি অহা দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন কৰিছে বাঙালী ফেডাৰেশ্যনে ৷

সংবাদমেলযোগে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সদস্যই কয় যে, ডিটেনশ্যন কেম্পত বন্দী হৈ থকা হিন্দু বঙালী লোকক বিনাচৰ্তে মুক্তি দিব লাগে ৷ বঙালী জাতিৰ নাগৰিকত্বৰ সুনিশ্চিত কৰিব লাগে ৷ যদি এই দাবীসমূহৰ প্ৰতি বিজেপি চৰকাৰে কোনো ধৰণৰ সঁহাৰি নজনায়, তেন্তে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনটোৱে ৷

বাঙালী ফেডাৰেশ্যনৰ সংবাদমেল

লগতে কয় যে, বিগত সময়চোৱাত বঙালী সম্প্ৰদায়ে বিজেপি চৰকাৰক পূৰ্ণ সহযোগিতা কৰি আহিছিল যদিও চৰকাৰে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এই দাবীসমূহ মানি নল’লে আগন্তুক সময়ত ইয়াৰ ফল বিজেপিয়ে ভুগিব লাগিব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক আহ্বান জনাই নিৰ্বাচনত সমষ্টিৰ দাবী জনায় ফেডাৰেশ্যনে ৷

আনহাতে, আগন্তুক বিধানসভাৰ নিৰ্বাচনত বঙালী অধ্যুষিত সমষ্টিত 15 গৰাকী বঙালী প্ৰাৰ্থীৰ দাবী জনাইছে সংগঠনটোৱে৷ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে 14 টা বঙালী সংগঠনক লৈ গঠন কৰা ভাৰতীয় গণ পৰিষদ নামৰ ৰাজনৈতিক দলটো লগত কোনোধৰণৰ সহযোগিতা নাই আৰু নাথাকিব বুলি মন্তব্য কৰে ৷ ভাৰতীয় গণ পৰিষদ এটা ৰাজনৈতিক দলৰ পোষকতাত গঠন হৈছে বুলি সংবাদমেলযোগে মন্তব্য কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি অজয় ভূষণ সৰকাৰে ৷

লগতে পঢ়ক :তিনিচুকীয়া টাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ 34 তম মে-ডাম-মে-ফী উদযাপন

ABOUT THE AUTHOR

...view details