গুৱাহাটী ১৭ জানুৱাৰী: প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বাসগৃহত বুধবাৰে উপস্থিত হয় সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বা । জোনমণি ৰাভাৰ মাতৃৰ খবৰ ল’বলৈ উপস্থিত হয় কংগ্ৰেছ নেত্ৰীগৰাকী । অলকা লাম্বাৰ লগতে উপস্থিত হয় ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে ধৰি বহুকেইগৰাকী দলীয় সদস্য । জোনমণি ৰাভাৰ মাতৃক সাক্ষাতৰ সময়ত আবেগিক হৈ পৰা দেখা গ’ল কংগ্ৰেছ নেত্ৰীগৰাকীৰ লগতে প্ৰয়াত আৰক্ষী বিষয়াগৰাকীৰ মাতৃকো ৷
জোনমণিৰ মাতৃয়ে অলকা লাম্বাক প্ৰশ্ন কৰে, ‘‘মোৰ ছোৱালীজনীক কোনে মাৰিলে ? কিয় মাৰিলে ? মোক টকা পইচা নালাগে । এইখিনি কথা পুলিচৰ মানুহে জানে ।’’ নগাঁও আৰু লখিমপুৰৰ সকলো ডাঙৰ পুলিচ বিষয়াই সকলো জানে বুলিও জোনমণিৰ মাতৃয়ে নেতৃগৰাকীক জানিবলৈ দিয়ে । জোনমণিৰ মাতৃক সাৱটি ধৰি ন্যায়ৰ আশ্বাস দিয়ে অলকা লাম্বাই ৷
জোনমণিৰ মাতৃক সাক্ষাৎ কৰাৰ পিছতে অলকা লাম্বাই কয়, ‘‘ৰাহুল গান্ধীয়ে আৰম্ভ কৰা যি ন্যায় যাত্ৰা এই ন্যায় যাত্ৰাত জোনমণিয়ে ন্যায় পাব লাগিব । আমাৰ দেশৰ ৰাষ্ট্ৰপতিগৰাকী আদিবাসী মহিলা ৷ সেয়ে দেশৰ এগৰাকী আদিবাসী ছোৱালীক ন্যায় প্ৰদান কৰিব লাগিব ।’’