অসম

assam

ETV Bharat / state

যিকোনো মুহুৰ্তত আম্ফানে খুন্দিয়াব পাৰে কামৰূপ (ম) জিলাত !

ঘূৰ্ণীবতাহ আম্ফান ইতিমধ্যে প্ৰৱেশ কৰিছে পশ্চিমবংগত । ৰাজ্যখনৰ ঠায়ে ঠায়ে তীব্ৰ ধুমুহা অহা আৰম্ভ হৈছে । উল্লেখ্য যে পূৰ্বতকৈ আম্ফানৰ গতি যথেষ্ট হ্ৰাস পাইছে যদিও সংকট এতিয়াও দূৰ হোৱা নাই ।

alert-sounded-as-super-cyclone-amphan-may-hit-kamrup-m
আম্ফানে খুন্দিয়াব পাৰে কামৰূপ (ম) জিলাত

By

Published : May 20, 2020, 8:22 PM IST

গুৱাহাটী, 20 মে‘: যিকোনো মুহূৰ্ততে কামৰূপ (মহানগৰ) জিলাত খুন্দা মাৰিব পাৰে ঘূৰ্ণীবতাহ আম্ফানে (Super Cyclone Amphan)। কামৰূপ (ম) জিলা প্ৰশাসনক এই সতৰ্কবাণী জনালে বতৰ বিজ্ঞান কেন্দ্ৰই । ইতিমধ্যে জিলা উপায়ুক্তই জৰুৰীকালীন সেৱাৰে জড়িত লোকসকলক সাজু হোৱাৰ আহ্বানেৰে এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে । বিদ্যুৎ বিভাগ, বনবিভাগ, টেলিকম, পি ডব্লিউ ডি, অগ্নি নিৰ্বাপন বাহিনীকে ধৰি দূৰ্যোগ প্ৰশমন বিভাগ সকলোকে অধিক সষ্টম হৈ থাকিবৰ বাবে নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

আম্ফানে খুন্দিয়াব পাৰে কামৰূপ (ম) জিলাত

উল্লেখ্য যে, ঘূৰ্ণীবতাহ আম্ফান ইতিমধ্যে প্ৰৱেশ কৰিছে পশ্চিমবংগত । ৰাজ্যখনৰ ঠায়ে ঠায়ে তীব্ৰ ধুমুহা অহা আৰম্ভ হৈছে । উল্লেখ্য যে পূৰ্বতকৈ আম্ফানৰ গতি যথেষ্ট হ্ৰাস পাইছে যদিও সংকট এতিয়াও দূৰ হোৱা নাই । জানিব পৰা মতে, ঘণ্টাত ৮২ কিলো মিটাৰ গতিবেগত অব্যাহত আছে বতাহ ।

লগতে পঢ়ক : আম্ফান: পশ্চিম বংগত প্ৰচণ্ড বৃষ্টিপাতৰ জোৱাৰ

ABOUT THE AUTHOR

...view details