27 এপ্ৰিল,গুৱাহাটীঃ বিগত বৰ্ষক 5 অক্টোবৰত দিছপুৰ লাষ্ট গেটত মাহেকীয়া ভাট্টা মোকলাই দিয়াৰ দাবীত বিশেষভাৱে সক্ষম লোকসকলে সাব্যস্ত কৰা এক প্ৰতিবাদত আৰক্ষীয়ে প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীসকলক, সেই অমানৱীয় কাৰ্যৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিবলৈ শুকুৰবাৰে আৰক্ষী দায়বদ্ধতা আয়োগত উপস্থিত হয় প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সদস্যসকল ৷ দিছপুৰ লাষ্ট গেটত সংঘটিত হোৱা এই কাণ্ডৰ বহু দিন উকলি যোৱাৰ পাচত তদন্তৰ বাবে সাক্ষ্যদান কৰাৰ উদ্দেশ্যৰে সংস্থাটোৰ সদস্যসকলক নিজাববীয়াকৈ মাতি পঠিয়ায় আৰক্ষী দায়বদ্ধতা আয়োগে ৷
5 অক্টোবৰ কাণ্ড সন্দৰ্ভত আৰক্ষী দায়বদ্ধতা আয়োগত উপস্থিত প্ৰতিবন্ধী সুৰক্ষা সংস্থা - etv bharat
ৰাজ্যৰ বিভিন্ন প্ৰান্তত খালী হৈ থকা মাহেকীয়া ভাট্টা বিশেষভাৱে সক্ষম লোকৰ বাবে মোকলাই দিয়াৰ লগতে বিভিন্ন দাবীত গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিল একাংশ লোকে
5 অক্টোবৰ কাণ্ড সন্দৰ্ভত আৰক্ষী দায়বদ্ধতা আয়োগত উপস্থিত প্ৰতিবন্ধী সুৰক্ষা সংস্থা
উল্লেখ্য যে, বিগত 5 অক্টোবৰত চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ উদ্দেশ্যৰে প্ৰতিবাদী সুৰক্ষা সংস্থাৰ আহ্বানত দৃষ্টিহীন পৰিষদ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষভাৱে সক্ষম প্ৰতিবাদকাৰী উপস্থিত হৈছিল ৷ মাহেকীয়া ভাট্টা বিশেষভাৱে সক্ষম লোক সকলৰ বাবে মোকলাই দিয়াৰ লগতে বিভিন্ন দাবীত গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিল একাংশ লোকে ৷ কিন্তু ,পানী, শিল, লাঠী চালনাৰে প্ৰতিবাদ কৰা লোকসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰক্ষীয়ে ৷