অসম

assam

ETV Bharat / state

State Food Safety Index: ভাৰতৰ খাদ্য মানক সংস্থাৰ প্রতিবেদনত অসমৰ উদ্বেগজনক ছবি - উদ্বেগজনক ছবি

যোৱা এটা বছৰত অসমত খাদ্য সুৰক্ষাৰ মানৰ অধিক স্খলন ঘটিছে । সুৰক্ষা আৰু মানক সংস্থাই (এফ এছ এছ এ আই) প্ৰকাশ কৰা সূচাংকৰ প্ৰতিবেদনত অসমৰ এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে ৷

State Food Safety Index
State Food Safety Index

By

Published : Jul 5, 2023, 7:20 PM IST

গুৱাহাটী, ৫ জুলাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ সংকল্পৰ জয় গান গাই থকাৰ বিপৰীতে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ এখন শোচনীয় ছবি শেহতীয়াকৈ পোহৰলৈ আহিছে । কেৱল সেয়াই নহয়, ৰাজ্যখনত সুৰক্ষিত আৰু নিৰ্ভেজাল খাদ্যৰ মান বিগত তিনি-চাৰিটা বছৰত নিম্নগামী হৈছে ।

যোৱা এটা বছৰত অসমত খাদ্য সুৰক্ষাৰ মানৰ অধিক স্খলন ঘটিছে । নিৰোগী আৰু স্বাস্থ্যৱান জীৱন-যাপনৰ বাবে নিৰ্ভেজাল আৰু স্বাস্থ্যসম্মত খাদ্য তথা খাদ্য প্ৰণালী এখন ৰাজ্যৰ বাবে অতি জৰুৰী । কিন্তু অসমত সেয়া অনুসৰণ কৰা হোৱা নাই ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ অধীনস্থ সংস্থা ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক সংস্থাই (এফ এছ এছ এ আই) প্ৰকাশ কৰা ৰাজ্যসমূহৰ ২০২২-২৩ বৰ্ষৰ খাদ্য সুৰক্ষা সূচকাংকৰ প্ৰতিবেদনত অসমৰ এখন উদ্বেগজনক ছবি পোহৰলৈ আহিছে ।

অলপতে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় প্রতিবেদনখনৰ মতে অসমৰ খাদ্য সুৰক্ষাৰ সূচকাংক ২০২১-২২ চনৰ ৩৫ পইণ্ট (১০০ৰ ভিতৰত) পৰা ২০২২-২৩ বৰ্ষত ২২ পইণ্টলৈ অৱনমিত হৈছে । বৃহৎ ৰাজ্যৰ শ্ৰেণীভুক্ত কৰা ২০ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ১৮ নম্বৰত । ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক সংস্থাই ২০১৯ চনৰপৰা এই বার্ষিক প্রতিবেদন প্রকাশ কৰি আহিছে ।

২০১৯-২০ বৰ্ষত অসমৰ খাদ্য সুৰক্ষা সূচকাংক আছিল ৩৯.৬ পইণ্ট । তাৰ পাচৰ পৰা অসমৰ খাদ্য সুৰক্ষা সূচকাংক ক্রমান্বয়ে ৩৮, ৩৭ আৰু ৩৫ পইণ্টলৈ নিম্নগামী হৈছে । ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক সংস্থাই খাদ্য পৰীক্ষা আন্তঃগাঁথনি, মানৱ সম্পদ আৰু প্ৰতিষ্ঠান, প্ৰশিক্ষণ আৰু সজাগতা, গ্ৰাহকৰ সবলীকৰণ আৰু খাদ্য সুৰক্ষা আইন বলৱৎকৰণ আদি মূল পাঁচটা শিতানৰ অধীনত ৬০ টাৰো অধিক সূচকাংক লৈ চলোৱা জৰীপৰ ভিত্তিত খাদ্য সুৰক্ষা সূচকাংক প্রতিবেদন প্রস্তুত কৰে ।

বৃহৎ ৰাজ্য, ক্ষুদ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য, এই তিনিটা ভাগত ৰাজ্যসমূহক ভাগ কৰি সেই অনুসৰি সূচকাংক নিৰূপণ কৰা হয় । অসমৰ বাহিৰে উত্তৰ-পূবৰ আনকেইখন ৰাজ্যক ক্ষুদ্র ৰাজ্যৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰি খাদ্য সুৰক্ষা সূচকাংক প্ৰকাশ কৰা হয় । খাদ্য সুৰক্ষা নীতি মতে, খাদ্য সুৰক্ষা, খাদ্য নিৰাপত্তা আৰু পৰিপুষ্টিৰ মাজত পৰস্পৰ সম্পৰ্ক থাকে আৰু এই তিনিটা উপাদানে দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

দেশৰ সকলো নাগৰিকে সুৰক্ষিত আৰু পুষ্টিকৰ খাদ্য লাভ কৰাটো নাগৰিকৰ অধিকাৰ । ভেজাল তথা অসুৰক্ষিত আৰু অস্বাস্থ্যকৰ খাদ্য ডায়েৰীয়াৰ পৰা কেঞ্চাৰ পৰ্যন্ত ৰোগৰ সৃষ্টিকাৰক । লক্ষণীয় যে খাদ্যত বিশেষকৈ শাক-পাচলি আৰু ফলমূলত মানৱ দেহৰ বাবে অপকাৰী ৰাসায়নিক কীটনাশক প্ৰয়োগ কৰা আৰু তেনে খাদ্য বজাৰত বিক্ৰী কৰাৰ বিষয়টোলৈ অসমৰ আদালত পাইছেগৈ ।

শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত এক গোচৰত গভীৰ উদ্বেগ প্রকাশ কৰিছে আৰু ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । ইপিনে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰহাৰ মীন মহাবিদ্যালয়ৰ এক গৱেষণাত অসমৰ বিভিন্ন বজাৰত ফৰ্মেলিনযুক্ত আমদানীকৃত শৰীৰৰ বাবে অপকাৰী মাছ বিক্ৰী হোৱাৰ উদ্বেজনক তথ্য প্ৰকাশ হৈছে তাৰ পিচতো কিন্তু চৰৰকাৰৰ গা লৰা নাই ।

লগতে পঢ়ক:Assam cabinet: উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা অধিক নম্বৰ পোৱা ছাত্ৰয়ো লাভ কৰিব স্কুটী

ABOUT THE AUTHOR

...view details