অসম

assam

ETV Bharat / state

ছয়গাঁৱৰ অক্ষয় বড়োৱে লাভ কৰিলে ৰূপৰ পদক

গুৱাহাটীত অনুষ্ঠিত হোৱা খেল’ ইণ্ডিয়াত ১৭ অনুৰ্ধ্বৰ শাখাৰ ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অক্ষয় বড়োৰ ৰূপৰ পদক ৷ অসমৰ হৈ ৰূপৰ পদক অৰ্জন কৰি সুনাম কঢ়িয়ালে এইগৰাকী যুৱ এথলীটে ৷

By

Published : Jan 15, 2020, 12:30 AM IST

Updated : Jan 15, 2020, 10:42 AM IST

akshay bodo won silver medal in khelo india
ছয়গাঁৱৰ অক্ষয় বড়োয়ে লাভ কৰিলে ৰূপৰ পদক

গুৱাহাটী , 14 নৱেম্বৰ :খেল’ ইণ্ডিয়াত অসমৰ হৈ ৰূপৰ পদক অৰ্জন কৰিলে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ অক্ষয় বড়োয়ে । ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৭ অনুৰ্ধ্বৰ শাখাৰ ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত এই সফলতা খেলুৱৈগৰাকীৰ ।

পৰিয়াল তথা প্ৰশিক্ষকৰ সহায়ৰ বাবেই ৰূপৰ পদক আঁজুৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে উদীয়মান এথলীটগৰাকীয়ে ।

ছয়গাঁৱৰ অক্ষয় বড়োয়ে লাভ কৰিলে ৰূপৰ পদক

মধ্যবিত্ত পৰিয়ালৰ অক্ষয়ে অতি কষ্টৰে আগবাঢ়ি গৈছে নিজৰ সপোনৰ দিশে । অক্ষয় বড়োৰ খেতিয়ক পিতৃয়ে সকলো দিশৰ পৰা তেওঁক সহায় কৰি গৈছে । যাৰ বাবে এয়া সম্ভৱপৰ হৈ উঠা বুলিও ক'লে ৰূপৰ পদক বিজয়ী অক্ষয়ে ।

ইপিনে মাৰ্চ মাহত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰো প্ৰস্তুতি চলাই আছে বুলি জানিবলৈ দিয়ে অক্ষয় বড়োৱে ।

উল্লেখ্য যে, পঢ়া শুনাৰ লগতে খেলৰ প্ৰস্তুতি চলাই গৈছে এইগৰাকী যুৱ এথলীটে ।

আৰু পঢ়ক :গুৱাহাটীত বলীউড চুপাৰষ্টাৰ সুনীল চেট্টী

Last Updated : Jan 15, 2020, 10:42 AM IST

ABOUT THE AUTHOR

...view details