গুৱাহাটী, ২০ ছেপ্টেম্বৰ:পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু অসমৰ কোচ ৰাজবংশী সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত সোমবাৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে । তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে উত্থাপিত দাবী পূৰণ নকৰালৈকে অসমৰ কোচ ৰাজবংশী সকল শান্ত নহয় বুলি চৰকাৰক সকীয়াই দিয়ে ।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আক্ৰাছুৰ নেতৃত্বই কয়, অসমৰ কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, দক্ষিণ শালমাৰা, গোৱালপাৰা, বৰপেটা, বাক্সা, বজালী, নলবাৰী, কামৰূপ, ওদালগুৰী, দৰং, শোণিতপুৰ, বিশ্বনাথ, লক্ষীমপুৰ, মৰিগাঁও, নগাঁও আৰু পশ্চিমবংগৰ কোচ বিহাৰ, আলিপুৰ, জলপাইগুৰী, দাৰ্জিলিং, উত্তৰ দিনাজপু, দক্ষিণ দিনাজপুৰ তথা মালদা জিলাক সামৰি দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত সুকীয়া কমতাপুৰ ৰাজ্য গঠন কৰাৰ দাবী উত্থাপন কৰি অহা হৈছে । তাৰোপৰি অসমৰ কোচ ৰাজবংশী সকলকো অতি শীঘ্ৰে ভৈয়াম জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ বাবে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰি অহাৰ পিছতো বিজেপি নেতৃত্বধীন চৰকাৰখনে বিষয়টো নিষ্পত্তি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।
তেওঁলোকে লগতে কয় যে, ১৯৯৬ চনত ভাৰতৰ ৰাষ্ট্ৰপতি স্বাক্ষৰিত অধ্যাদেশ যোগে ১৯৯৬ চনৰ ১৬ নবেম্বৰ তাৰিখে সংসদীয় বাছনি কমিটিয়ে বঙাইগাঁৱত জনজাতিকৰণৰ বাবে প্ৰয়োজনীয় চৰ্তৰ তথ্যপাতি সংগ্ৰহ কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ উপযুক্ত বুলি প্ৰতিবেদন দাখিল কৰিছিল সংসদীয় বাছনি কমিটিয়ে ৷
লগতে পঢ়ক:শিৱসাগৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নক লৈ তৎপৰ অখিল গগৈ
ইয়াৰ উপৰিও ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ তত্ত্বাৱধানত মহেশ কুমাৰ সিংলাৰ নেতৃত্বত জনজাতিকৰণৰ বিষয়টো সমাধানৰ বাবে এখন মডেলিটী কমিটিও গঠন কৰিছিল । মডেলিটী কমিটিয়েও ২০১৯ চনৰ ২৯ ডিচেম্বৰ তাৰিখে জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰি ইয়াৰ অনুমোদন জনায় ।
তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটেও জনজাতিকৰণৰ ক্ষেত্ৰত এক স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ২০১৯ চনৰ ৯ জানুৱাৰী তাৰিখে সংসদৰ শীতকালীন অধিবেশনত ৰাজ্যসভাত জনজাতিকৰণৰ বিল উত্থাপন কৰে । কিন্তু দুখৰ কথা এইয়ে যে একমাত্ৰ চৰকাৰী ষড়যন্ত্ৰৰ বাবে জনজাতিকৰণৰ বিলৰ ওপৰত আলোচনা নোহোৱাত বিলখন ওলমি থাকে ।