অসম

assam

By

Published : Mar 13, 2021, 8:49 PM IST

ETV Bharat / state

জনজাতিকৰণৰ দাবীত পুনৰ সৰৱ আক্ৰাছু

আগন্তুক বিধানসভা নিৰ্বাচনত কোচ-ৰাজবংশীৰ প্ৰতি দায়ৱদ্ধ ব্যক্তিকহে নিৰ্বাচিত কৰি দিছপুৰলৈ পঠাবলৈ ৰাইজক আহ্বান জনায় আক্ৰাছুৰ সাধাৰণ সম্পাদক সুনধৰ ৰায়ে ।

akrasu press meet
জনজাতিকৰণৰ দাবীত পুনৰ সৰৱ আক্ৰাছু

গুৱাহাটী,১৩ মাৰ্চ: বিভাজনকামী চিন্তা-চৰ্চাৰে চৰকাৰে কোচ-ৰাজবংশীসকলক ভাগ-ভাগ কৰি ৰখাৰ ষড়যন্ত্ৰ কৰিলে । একেখিনি কোচ-ৰাজবংশী মানুহক মেঘালয়ত অনুসূচীত জনজাতি, পশ্চিমবংগত অনুসূচিত জাতি আৰু অসমত অন্যান্য পিছপৰা শ্ৰেণী হিচাপে ভাগ কৰিলে । শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকাই অসম চৰকাৰক সমালোচনা কৰি এই অভিযোগ উত্থাপন কৰে ৷

আক্ৰাছুৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকাই সংবাদমেলক কয় যে, অসমত বসবাস কৰা কোচ-ৰাজবংশীসকলে ১৯৬৮ চনৰ পৰা ধাৰাবাহিকভাৱে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে আজিলৈকে ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে । ১৯৯৬ চনত চৰকাৰে অধ্যাদেশযোগে অসমৰ কোচ-ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছিল ৷ কিন্তু ইয়াৰ স্থায়িত্বৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ডেকাই ক্ষোভ প্ৰকাশ কৰে ।

জনজাতিকৰণৰ দাবীত পুনৰ সৰৱ আক্ৰাছু

সংবাদমেলত উপস্থিত থাকি সংগঠনটোৰ আন এগৰাকী সাধাৰণ সম্পাদক সুনধৰ ৰায়ে চৰকাৰক হুংকাৰ দি কয় যে, কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যদা লাগিবই, ইয়াৰ কোনো বিকল্প নাই । আনহাতে, আগন্তুক বিধানসভা নিৰ্বাচনত কোচ-ৰাজবংশীৰ প্ৰতি দায়বদ্ধ ব্যক্তিকহে নিৰ্বাচিত কৰি দিছপুৰলৈ পঠাবলৈ ৰাইজক আহ্বান জনায় সুনধৰ ৰায়ে ।

লগতে পঢ়ক:চিদলীত ইউপিপিএলৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব চন্দন ব্ৰহ্ম: ৰঞ্জিত বসুমতাৰী

ABOUT THE AUTHOR

...view details