গুৱাহাটী, ২২ জুনঃ চাবুৱা থানাৰ 'নিয়া'(NIA)ৰ গোচৰত চার্জ শুনানিৰ অন্তত ৰেহাই পালে অখিল গগৈয়ে । 'নিয়া'ৰ বিশেষ আদালতত হোৱা মঙলবাৰৰ শুনানিত অখিল গগৈৰ লগতে জগজিৎ গোহাঁই আৰু ভূপেন গগৈক দোষমুক্ত কৰিলে আদালতে । চাবুৱা থানাৰ গোচৰৰ সকলো অভিযোগৰ পৰা ৰেহাই দিয়া হ'ল তিনিওজনকে । অৱশ্যে চানমাৰি থানাৰ গোচৰটোৰ শুনানী এতিয়াও চলি আছে ।
ইফালে অখিল গগৈক মাতৃক সাক্ষাৎ কৰিবৰ বাবে অনুমতি বিচাৰি আজি অদালতত আবেদন জনোৱা হৈছে । ৫৫ পৃষ্ঠাৰ অৰ্ডাৰ পাছ কৰিছে আদালতে। একেদৰে চাবুৱা থানাৰ গোচৰ সন্দৰ্ভত আন এজন অভিযুক্ত ভাস্কৰজ্যোতি ফুকনে ৰেহাই নাপালে । তেওঁৰ গোচৰৰ শুনানি ডিব্ৰুগড়ৰ আদালতত চলিব ৷ আনহাতে নিয়াই আৰোপ কৰা সকলো অভিযোগৰ পৰা ৰেহাই পালে অখিল গগৈয়ে ।
বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত অভিযুক্ত আছিল অখিল গগৈ । আজি আদালতে অখিল গগৈক সকলো অভিযোগৰ পৰা মুক্ত কৰে । হত্যাৰ চেষ্টাৰ অভিযোগৰ পৰাও মুক্ত হ'ল অখিল গগৈ । আনহাতে চাবুৱাৰ গোচৰৰ পৰা অখিল গগৈ মুক্ত হলেও ন্যায়িক জিন্মাতেই থাকিব লাগিব । চানমাৰি থানাৰ নিয়াৰ গোচৰটোত এতিয়াও জামিন পোৱা নাই অখিল গগৈয়ে । দুই-এদিনতে এই গোচৰৰ শুনানি হ'ব ।