অসম

assam

ETV Bharat / state

কেবৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান অখিল গগৈৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰে,সংবাদমেলখনত কেব সম্পৰ্কে আলোচনা কৰা হয়,কেব বিৰোধী প্ৰতিবাদত অংশ লোৱা প্ৰতিগৰাকী সদস্যক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে অখিল গগৈয়ে

By

Published : Dec 8, 2019, 11:47 PM IST

Updated : Dec 9, 2019, 10:20 AM IST

কেব সমৰ্থনকাৰী প্ৰত্যেক দলৰে নেতাসকলক পদত্যাগ কৰিবলৈ কয় অখিল গগৈয়ে
কেব সম্পৰ্কে সংবাদমেলৰ আয়োজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

গুৱাহাটী, 8 ডিচেম্বৰঃ ৰাজ্যত কেব বিৰোধী বতাহ বলি থকাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলখনত কেব সম্পৰ্কে আলোচনা কৰা হয় ৷ কৃষক মুক্তিৰ নেতাগৰাকীয়ে কেব সম্পৰ্কত কয় যে, বিলখনত ধৰ্মীয় উৎপীড়ন বুলি কোনো শব্দ নাই ৷ বিপৰীতে বিশেষ কেইটামান ধৰ্মৰহে প্ৰাৰ্থনা স্বাধীনতা,মন্দিৰত যোৱাৰ স্বাধীনতা ভংগৰ কথা উল্লেখ আছে ৷ পূৰ্বৰ বিলখনত নিৰ্দিষ্ট চন,তাৰিখ উল্লেখ নথকাৰ বিপৰীতে এইবাৰ 31 ডিচেম্বৰ 2014 চনৰ পূৰ্বে অহা 6টা ধৰ্মৰ লোকসকলক বিদেশী বুলি গণ্য নকৰাৰ কথা সন্নিৱিষ্ট আছে ৷

কেব সম্পৰ্কে সংবাদমেলৰ আয়োজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

তদুপৰি কেব সম্পৰ্কত টি এম চি-ৰ কেবাগৰাকীও শীৰ্ষনেতাই অখিল গগৈৰ সৈতে যোগাযোগ কৰাৰ কথা উল্লেখ কৰে কৃষক মুক্তিৰ নেতা গৰাকীয়ে ৷ ইপিনে কৃষক মুক্তিৰ সৈতে কেব সম্পৰ্কত আম আদমী পাৰ্টিয়েও বিৰোধিতা অব্যাহত ৰাখিব বুলি গগৈয়ে উল্লেখ কৰে ৷ ইফালে মুখ্য বিৰোধী দল কংগ্ৰেছে কেবৰ বিৰোধিতাৰ প্ৰসংগত আৰ জে ডি-ৰ সৈতে যোগাযোগ স্থাপন কৰিছে ৷ কংগ্ৰেছকে ধৰি 13 টা বিৰোধী দলে কেবৰ বিৰুদ্ধে ভোট প্ৰদান কৰিব বুলি ইতিমধ্যে আশ্বস্ত কৰা বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ কিন্তু এইক্ষেত্ৰত বি পি এফ দলৰ ৰাজ্যসভাৰ সাংসদ কেইগৰাকীৰ লগতে অগপৰবীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ ভূমিকা সন্দেহজনক বুলি নেতাগৰাকীয়ে সংবাদমেলখনত প্ৰকাশ কৰে ৷

সংবাদমেলত কেব সম্পৰ্কে আলোচনা কৰা হয়

সময়ে সময়ে অসমৰ বিভিন্ন সমস্যাৰ হকে মাত মাতি অহা সদৌ অসম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিভিন্ন দল-সংগঠনক ঐক্যবদ্ধভাৱে সংগ্ৰাম চলাই নিবলৈ আহ্বান কৰে অখিল গগৈয়ে ৷ আনহাতে, নেছ’ই আহ্বান কৰা অসম বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে শান্তিপূৰ্ণভাৱে বন্ধ পালনৰ আহ্বান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ উল্লেখ্য যে, 9 ডিচেম্বৰৰ দিনটোত কেইবাটাও দল-সংগঠনে অসম বন্ধৰ আহ্বান জনাইছে ৷

কেব সমৰ্থনকাৰী প্ৰত্যেক দলৰে নেতাসকলক পদত্যাগ কৰিবলৈ কয় অখিল গগৈয়ে

বন্ধৰ পিছত কৃষক মুক্তিৰ তৰফৰ পৰা জোঁৰ সমদলৰ কাৰ্যসূচী পালন কৰা হ’ব ৷ অহা 11 ডিচেম্বৰৰ পৰা গাঁৱে গাঁৱে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেব সম্পৰ্কে চলাব অভিযান ৷ তদুপৰি কেব সমৰ্থনকাৰী প্ৰত্যেক দলৰে নেতাসকলক পদত্যাগ কৰিবলৈ কয় অখিল গগৈয়ে ৷ লগতে কেব বিৰোধী প্ৰতিবাদত অংশ লোৱা প্ৰতিগৰাকী সদস্যক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে অখিল গগৈয়ে ৷

কৃষক মুক্তিৰ সৈতে কেব সম্পৰ্কত আম আদমী পাৰ্টিয়ে বিৰোধিতা অব্যাহত ৰাখিব

লগতে চাওকঃকেবৰ বিৰুদ্ধে ৰুদ্ৰবিপ্লৱ ছিক্কিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ

Last Updated : Dec 9, 2019, 10:20 AM IST

ABOUT THE AUTHOR

...view details