গুৱাহাটী, ৩০ জুন : কাৰাৰুদ্ধ অখিল গগৈয়ে অসমবাসীক উদ্দেশ্যি বুধবাৰে এখন চিঠি প্ৰেৰণ কৰিছে । বুধবাৰে মহানগৰীৰ মদঘৰীস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বােধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে সংবাদমেলত অখিল গগৈৰ চিঠিখন প্ৰকাশ কৰে । কাৰাৰুদ্ধ ৰাইজৰ দলৰ
সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে লিখিছে এনেদৰে-
"শ্রদ্ধেয় অসমবাসী ৰাইজ,
সংগ্রামী অভিবাদন গ্রহণ কৰিব । অতি জৰুৰা কাৰণত এই পত্র লিখিলাে। মোক আকৌ জেলতে ৰখাৰ ষড়যন্ত্র ৰচনা হৈছে। মােক কাৰাগাৰৰ পৰা ওলাব নােৱাৰাৰ ব্যৱস্থা কৰিব খােজা হৈছে । মােৰ কণ্ঠ চিৰকাললৈ ৰূদ্ধ কৰি দিব খােজা হৈছে । এয়া মােৰ বিৰুদ্ধে অসম চৰকাৰ, কেন্দ্রীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সন্মিলিত ষড়যন্ত্র।
বােধহয়, অসমৰ মুখ্যমন্ত্ৰীয়ে এই কামৰ নেতৃত্ব লৈছে। মােক ৰাইজৰ সহায় লাগে, ৰাইজে ঐক্যৱদ্ধভাৱে প্রতিবাদ কৰি চৰকাৰৰ এই যড়যন্ত্র ওফৰাই পেলাওক ৷ আপােনালােকৰ কণ্ঠ, মােৰ কণ্ঠক হত্যা কৰিবলৈ নিদিব । ২ মে, ২০২১ তাৰিখে মই ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয় হােৱাৰ পাচত চৰকাৰৰ কর্তব্য আছিল মােক কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ, কাৰণ সেয়া আছিল জানে সে ছিল তাবােয়িত গণভােটৰ দৰে ।
বিজেপি চৰকাৰে মই “কা”বিৰােধী সংগ্ৰামত অংশগ্রহণ কৰা বাবে মােক বে-আইনী কার্যকলাপ (প্রতিৰােধ) আইন, ১৯৬৭ ৰ অধীনত গ্রেপ্তাৰ কৰিছিল । মােৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা মেলি দি মােক সন্ত্রাসবাদী সম্পর্কীয় আইনত দীঘলীয়াকৈ কাৰাৰুদ্ধ কৰি ৰাখিছিল । কিন্তু অসমৰ জনগণে, বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ ভােটাৰসকলে মােক বিধায়ক হিচাপে নির্বাচিত কৰিলে । এয়া আছিল জনতাৰ ৰায়–চৰকাৰৰ দুৰভিসন্ধিৰ বিৰুদ্ধে জনতাৰ আইনসন্মত প্রতিবাদ।
ইয়াৰ পাছত যিকোনাে এখন গণতন্ত্ৰক বিশ্বাস কৰা চৰকাৰে ইয়াৰ প্রথম কেবিনেটতে মােক স-সম্মানে মুক্ত কৰি দিয়াৰ সিদ্ধান্ত ল'ব লাগিছিল। কিন্তু বন্দী মুক্তিৰ সিদ্ধান্ত লােৱাৰ পৰিৱর্তে মােৰ ওপৰত নতুন চৰকাৰখনে জাপি দিছে ইটোৰ পিছত সিটো ষড়যন্ত্র। মােৰ ওপৰত আৰােপ কৰা অভিযােগ যে কিমান অসত্য কিমান তৰল আছিল সেয়া ২৫ জুন, ২০২১ তাৰিখৰ “নিয়া” আদালৰ নির্দেশে দেখদেখকৈ প্রমাণ কৰি দিলে ।
মােৰ ওপৰত নিয়াক প্ৰদান কৰা চাবুৱা থানাৰ গােচৰটো চার্জ ফ্রেমতে মােক আৰু গােচৰটোৰ আন দুজন অভিযুক্ত মুক্ত কৰি দিলে । তথাৎ গােচৰটো বিচাৰ যােগ্য বুলিয়ে আদালতে মানি নল'লে। যি গােচৰত ‘নিয়া'ই চার্জ ফ্রেমেই কৰিব নােৱাৰিলে, সেই গােচৰতে মােক অন্যায়ভাৱে বন্দী কৰি ৰখা হ’ল যােৱা ডেৰ বছৰতকৈ অধিক । গুৱাহাটীৰ “নি”দালতৰ এই ৰায়ে সমগ্র ভাৰতবর্ষ জুৰি তীব্র চাঞ্চল্য আৰু প্রতিক্রিয়া সৃষ্টি কৰিলে ।
নিয়াৰ ইতিহাসত এইটোৱেই চার্জ ফ্রেম কৰিব নােৱাৰা গােচৰ ৰূপে পৰিগণিত হ'ল । স্পষ্ট হৈ পৰিছিল ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থাৰ গােচৰৰ প্রকৃত স্বৰূপ । চিবিআই, ইডি আদিক লগাই কেন্দ্ৰৰ বিজেপি চৰকাৰে প্রতিপক্ষৰ ৰাজনৈতিক নেতাক ষড়যন্ত্রমূলকভাৱে বন্দী কৰা অথবা আত্মসমর্পণ কৰােৱাৰ দৰে এন আই এ'কে যে উদ্দেশ্য প্রণােদিতভাৱে, ব্যৱহাৰ কৰা হৈছিল স্পষ্টকৈ প্রমাণ হৈ গ'ল ।
যােৱা ২৫ জুন, ২০২১ তাৰিখ গুৱাহাটী “নিয়া” আদালতৰ ৰায়টোৰ পাছত সমগ্ৰ ভাৰতত নিয়া” ঘৃণিত হৈ পৰিল । তেওঁলােকৰ আচল স্বৰূপ প্রকাশ পালে । গণতান্ত্রিক চৰকাৰ হােৱা হ'লে এনে ভুৱা গােচৰ জাপি দিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'লহেনে ৷ চৰকাৰে গণতন্ত্রত বিশ্বাস কৰা হ'লে গােচৰটোৰ ৰায় দেখিয়ে দ্বিতীয় গােচৰটোৰ পৰা মােক মুক্তি দিলেহেনে । কিন্তু চৰকাৰৰ ওচৰত সেই গােচৰৰ ৰায়ৰ প্রতিক্রিয়া ঠিক ওলােটা হ’ল । আঘাতপ্রাপ্ত সাপৰ দৰে চৰকাৰ ফেট তুলি উঠিল । লগে লগে “নিয়া’ৰ অধিবক্তাই ঘােষণা কৰিলে যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আদালতৰ এই নিদের্শক প্রত্যাহ্বান জনাব । তাতে নিয়া” বা চৰকাৰ ক্ষান্ত নহ'ল । মােৰ বিৰুদ্ধে পুনৰ গভীৰ যড়যন্ত্র হ’ল ।