অসম

assam

ETV Bharat / state

কাৰাগাৰৰ পৰা দিছপুৰলৈ...

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নজিৰ সৃষ্টি কৰিলে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে ৷ ইতিহাস সৃষ্টি কৰি জে'লৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ ঐতিহাসিক শিৱসাগৰ সমষ্টিত বিজয়ধ্বজা উৰুৱালে কৃষক নেতা অখিল গগৈয়ে ৷ শিৱসাগৰ সমষ্টিবাসীয়ে নিজৰ প্ৰতিনিধি হিচাপে অখিল গগৈক নিৰ্বাচিত কৰি পঠিয়ালে বিধানসভাৰ মজিয়ালৈ ৷ ইয়াৰ লগে লগে বিধায়ক হিচাপে এতিয়াৰে পৰা আন এক পৰিচয়ৰ অধিকাৰী হ'ল কৃষক নেতা অখিল গগৈ ৷ আনকি কাৰাগাৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হোৱা অখিল গগৈ হৈছে অসমৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমগৰাকী ব্যক্তি ৷

akhil-gogoi
কাৰাগাৰৰ পৰা দিছপুৰলৈ...

By

Published : May 2, 2021, 10:15 PM IST

গুৱাহাটী,২ মে':নদীবান্ধ বিৰোধী সংগ্ৰামেই হওক, দুৰ্নীতি বিৰোধী সংগ্ৰামেই হওঁক নতুবা শেহতীয়াকৈ কা বিৰোধী আন্দোলনেই হওঁক ৷ সততে নিজৰ বজ্ৰ কণ্ঠেৰে গৰজি ৰাজপথৰ আন্দোলনক সমুখৰ পৰা নেতৃত্ব দি ৰজাঘৰীয়াক থকা সৰকা কৰি আহিছিল কৃষক নেতা অখিল গগৈয়ে ৷ যাৰ বাবেই প্ৰতিবাৰে চৰকাৰৰ ৰোষত পৰি কাৰাগাৰলৈ যাবলগীয়া হৈছিল বৰ্তমানেও কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈ ৷ কিন্তু অৱশেষত এই দীঘলীয়া সংগ্ৰামৰ প্ৰতিদান দিলে শিৱসাগৰৰ ৰাইজে ৷

কাৰাগাৰৰ পৰা দিছপুৰলৈ...

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নজিৰ সৃষ্টি কৰিলে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে ৷ ইতিহাস সৃষ্টি কৰি জে'লৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ ঐতিহাসিক শিৱসাগৰ সমষ্টিত বিজয়ধ্বজা উৰুৱালে কৃষক নেতা অখিল গগৈয়ে ৷ শিৱসাগৰ সমষ্টি বাসীয়ে নিজৰ প্ৰতিনিধি হিচাপে অখিল গগৈক নিৰ্বাচিত কৰি পঠিয়ালে বিধানসভাৰ মজিয়ালৈ ৷ ইয়াৰ লগে লগে বিধায়ক হিচাপে এতিয়াৰে পৰা আন এক পৰিচয়ৰ অধিকাৰী হ'ল কৃষক নেতা অখিল গগৈ ৷ আনকি জেলৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হোৱা অখিল গগৈয়ে হৈছে অসমৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমগৰাকী ব্যক্তি ৷ পিছে অখিল গগৈৰ বাবে সুগম নাছিল এই পথ ৷

কাৰাগাৰৰ পৰা দিছপুৰলৈ...

সুদীৰ্ঘ ১৮ মাহ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈয়ে জেলৰ পৰাই কণ্টকময় পথৰ মাজেৰে ৰাইজৰ দলৰ নেতৃত্ব লৈ অৱতীৰ্ণ হৈছিল 2021 ৰ বিধানসভা নিৰ্বাচনত ৷ আনকি কাৰাৰুদ্ধ নেতাগৰাকীয়ে অংশগ্ৰহণ কৰিব পৰা নাছিল কোনো নিৰ্বাচনী প্ৰচাৰ সভাতো ৷ তৎস্বত্বেও কিন্তু বিজেপিৰ হাইপ্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰে ৰুদ্ধ কৰিব নোৱাৰিলে অখিল গগৈৰ দিছপুৰ যাত্ৰাক ৷ শিৱসাগৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ফলস্বৰূপে 11,779 টা ভোটৰ ব্যৱধানত অখিল গগৈয়ে পৰাভূত কৰিলে বিজেপি সমৰ্থিত প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীক ৷

কাৰাগাৰৰ পৰা দিছপুৰলৈ...

অখিল গগৈৰ এই ঐতিহাসিক জয়ৰ পিছতে শিৱসাগৰত এতিয়া বিৰাজ কৰিছে আনন্দময় পৰিৱেশে ৷ কোনোৱে কৈছে এইয়া অখিল গগৈৰ জয় নহয়, এই জয় অসমীয়া জাতিটোক ভালপোৱা প্ৰতিগৰাকী ব্যক্তিৰ জয়, প্ৰতিগৰাকী সুস্থ গণতন্ত্ৰত বিশ্বাস কৰা ব্যক্তিৰ জয় ৷ এই জয় হৈছে সমগ্ৰ শিৱসাগৰবাসীৰ জয়, এই জয় হৈছে অসমবাসীৰ জয় । বহুতেই ক'ব খোজে যে অসমত এক সুস্থ ৰাজনৈতিক পৰিৱেশ তথা অসমত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে অখিল গগৈ জিকাটো খুবেই প্ৰয়োজন আছিল ৷ লাগিলে তেওঁ বিৰোধীৰ ভূমিকাই পালন নকৰক কিয় ? চৰকাৰ যিয়েই গঠন নকৰক কিয়, মুখ্যমন্ত্ৰী যিয়েই নহওঁক কিয়, অখিল গগৈ জিকাটো অসমৰ সমাজ জীৱনৰ বাবে আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বাবে এটা অতি ইতিবাচক দিশ বুলিও ক'ব খোজে সচেতন মহলে ।

কাৰাগাৰৰ পৰা দিছপুৰলৈ...

উল্লেখ্য যে, এজন আৰটিআই কৰ্মী তথা সংগ্ৰামী নেতাৰূপে বিশেষ প্ৰসিদ্ধি লাভ কৰা অখিল গগৈক তেওঁৰ দুৰ্নীতি বিৰোধী স্থিতিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও বঁটাৰে সন্মানিত কৰা হৈছে । অসমৰ প্ৰতিটো সমস্যা তথা সংকটৰ ক্ষেত্রত সদায়ে সৰৱ ভূমিকা পালন কৰি অহা অখিল গগৈ সুদীৰ্ঘ সময় বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে । অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা ব্যাপক আন্দোলনৰ বাবেই নামনি সোৱণশিৰি নদীবান্ধৰ কাম দীৰ্ঘ সময় ধৰি বন্ধ হৈ আছে । তেওঁ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ বাবেও আপোচবিহীন সংগ্ৰাম চলাই আহিছে । অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ হকে মাত মাতি অহা অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবে মাওবাদী তথা দেশদ্ৰোহীৰ গোচৰত অভিযুক্ত হৈ কাৰাবন্দী হৈ আছে ।

কাৰাগাৰৰ পৰা দিছপুৰলৈ...

কিন্তু নিজৰ সংগ্ৰামী সত্বাক ৰাজনৈতিক ক্ষেত্রখনলৈ নিয়াৰ বাবেই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা অখিল গগৈক শিৱসাগৰৰ ৰাইজে সঁহাৰি জনালে । এতিয়া তেওঁ নিজৰ সংগ্ৰামখনক ৰাজপথৰ উপৰি দিছপুৰৰ ভিতৰত চলাই নিয়াৰ অধিকাৰ লাভ কৰিলে । আনহাতে পুনৰবাৰ শিৱসাগৰবাসীয়ে প্ৰমাণ কৰি দিলে যে অসমৰ ইতিহাসত আজিও কিয় শিৱসাগৰ ঐতিহ্যমণ্ডিত হৈ জিলিকি আছে । যা হওঁক, এতিয়াৰে পৰা এগৰাকী জনপ্ৰতিনিধি হিচাপে অখিল গগৈৰ কাৰ্যপন্থাৰ ওপৰত আগন্তুক সময়ত দৃষ্টি নিৱদ্ধ থাকিব অসমবাসী ৰাইজৰ ৷

লগতে পঢ়ক:ডিব্ৰুগড়ত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল

ABOUT THE AUTHOR

...view details