গুৱাহাটী, 21 জুনঃশীঘ্ৰেই মুকলি আকাশৰ তলত অহাৰ সম্ভাৱণা প্ৰকট হৈ উঠিছে কৃষক নেতা অখিল গগৈৰ ৷ অখিল গগৈৰ বিৰুদ্ধে থকা প্ৰায় কেইটা গোচৰতেই জামিন লাভ কৰিছে নেতাজনে ৷ এতিয়া চাবুৱা আৰু চান্দমাৰী থানাত থকা গোচৰ দুটাতহে জামিন পাবলৈ বাকী আছে নেতা জনে ৷
অখিল গগৈৰ বিৰুদ্ধে চান্দমাৰী থানাত থকা ১৩/২০১৯ নং গোচৰৰ জামিন আবেদনৰ শুনানী মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৷ চান্দমাৰী থানাৰ ১৩/২০১৯ নং গোচৰটো পৰৱৰ্তী সময়ত নিয়াৰ হাতলৈ অৰ্পণ কৰা হৈছিল ৷ সেয়ে মঙলবাৰৰ পৰা ৰাষ্ট্ৰীয় অনুসন্ধান শাখা চমুকৈ নিয়াৰ আদালতত আৰম্ভ হয় গোচৰটোৰ শুনানি ৷ অখিল গগৈৰ হৈ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰ আৰু শান্তনু বৰঠাকুৰে শুনানিত অংশগ্ৰহণ কৰিছে ৷