গুৱাহাটী, ২৬ জুন: দুদিনৰ বাবে মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰ সমষ্টিৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ । একাধিক গোচৰত অভিযুক্ত হৈ স্বাস্থ্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিধায়ক অখিল গগৈক তেওঁৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰাৰ বাবে দুদিনৰ বাবে মুকলি কৰি দিলে NIAৰ আদালতে । সেইমৰ্মে শুকুৰবাৰে নিশা প্ৰায় ৯.৩০ বজাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ৰ পৰা ওলাই আহে অখিল গগৈ ।
বিধায়ক অখিল গগৈয়ে তেওঁৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰিবলৈ উদগ্ৰীৱ হৈ আছিল । নিশা জি এম চি এইচ (GMCH)ৰ পৰা মুকলি হৈ অখিল গগৈ উপস্থিত হয় চানমাৰিৰ নিজৰাপাৰৰ নিজ বাসগৃহত । অৱশ্যে দুদিনৰ বাবে মুকলি হ'লেও তেওঁৰ লগত নিৰাপত্তাৰক্ষী দিয়া হৈছে । প্ৰায় ডেৰ বছৰৰ অন্তত নিজৰ মৰমৰ ঘৰখনত উপস্থিত হৈ আবেগিক হৈ পৰে অখিল গগৈ ।
চানমাৰিৰ বাসগৃহত উপস্থিত হৈয়েই পত্নী-পুত্ৰক লগ পাই উৎফুল্লিত হৈ পৰা অখিল গগৈয়ে দুয়োকে সাবটি ধৰে । নিশাটো পত্নী-পুত্ৰ লগত কটাই শনিবাৰে পুৱাই যোৰহাটৰ চেলেংহাট গাঁৱলৈ মাতৃ প্ৰিয়দা গগৈক সাক্ষাতৰ উদ্দ্যেশে তেওঁ ৰাওনা হয় । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অখিল গগৈক যোৰহাটৰ চেলেংহাট গাঁও অভিমুখে লৈ যোৱা হয় ।