গুৱাহাটী, ১৩ জুলাই : অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিশেষ বক্তব্য প্ৰদান কৰে । শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ ৰূপে গঢ়ি তুলিবলৈ বিধানসভাত প্ৰস্তাৱ উত্থাপন কৰে অখিল গগৈয়ে । প্ৰশ্নোত্তৰ শিতানৰ পাছতে অখিল গগৈয়ে সদনত এই বিষয়ে নিজৰ ভাষণ পাঠ কৰে ।
শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লগতে শিৱসাগৰৰ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে ১০০ কোটি টকাৰ এক পেকেজ বিচাৰি নিজৰ বক্তব্য প্ৰদান কৰে । অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্যপৰিচালনাৰ নিয়মাৱলীৰ ২৩(২)ৰ অধীনত ‘শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ’ বা ‘ৰাজ্যিক ঐতিহ্য নগৰ’ হিচাপে ঘোষণাৰ প্ৰস্তাৱ দাঙি ধৰে অখিল গগৈয়ে । শিৱসাগৰ অসমৰ ইতিহাসৰ সোণালী যুগৰ সৰ্ব শ্ৰেষ্ঠ স্মাৰক বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, শিৱসাগৰ ঐশ্বৰ্যশালী জাতীয় ঐতিহ্যৰ লগত জড়িত সম্পদেৰে ভৰপূৰ । শিৱসাগৰ অসমৰ অদ্বিতীয় স্থান যিয়ে অসমীয়া জাতিৰ ইতিহাস, ঐতিহ্য আৰু স্বাভিমানক সাৰ্থকভাৱে প্ৰতিফলিত কৰে ।
শিৱসাগৰত সৰ্বমুঠ ৫৫১ টা ঐতিহাসিক আৰু ঐতিহ্যপূৰ্ণ সম্পদ আছে । এইসমূহৰ ভিতৰত শিৱসাগৰ ৰাজহ চক্ৰত ১১৪ টা, সোণাৰী ৰাজহ চক্ৰত ১০৯ টা, সাপেখাটি ৰাজহ চক্ৰত ২০ টা, মাহমৰাত ৩৯ টা, নাজিৰাত ৯৪ টা, আমগুৰিত ৬৪ টা আৰু ডিমৌ ৰাজহ চক্ৰত ২৯ টা কীৰ্তিচিহ্ন আছে ৷ শিৱসাগৰৰ ঐতিহাসিক, সাংস্কৃতি, সামাজিক, শৈক্ষিক আদি সকলো দিশৰ কথা সামৰি অখিল গগৈয়ে কিয় শিৱসাগৰক এখন ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব লাগে সেই বিষয়ে তথ্য-যুক্তি সহকাৰে ভাষণত উল্লেখ কৰে বিধায়ক গগৈয়ে ।
অখিল গগৈৰ ভাষণৰ পাছতেই সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ইয়াৰ উত্তৰ প্ৰদান কৰিবলৈ গৈ ৫০০০ বছৰীয়া ভাৰতীয় সংস্কৃতিৰ কথাৰ অৱতাৰণা কৰে । তেওঁ শিৱসাগৰক প্ৰাতঃস্মৰণীয় বুলিও উল্লেখ কৰে । অখিল গগৈৰ কথাৰ উত্তৰ দিবলৈ গৈ বিভিন্ন কথাৰ অৱতাৰণা কৰা বিমল বৰাক উভতি ধৰে অখিল গগৈয়ে ।