অসম

assam

ETV Bharat / state

Himanta Biswa: বাৰাক অ’বামাক হুছেইন অ’বামা আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ; প্ৰতিক্ৰিয়া অখিল গগৈৰ - AKhil Gogoi slams Himanta Biswa Sarma

চমক সৃষ্টি কৰা আৰু নিজৰ নাম চৰ্চাত ৰখাৰ ক্ষেত্ৰত কেতিয়াও পিছ পৰি নাথাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ হিমন্ত বিশ্ব শৰ্মাই বাৰাক অ’বামাক হুছেইন অ’বামা আখ্যা দিয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে ৷

Himanta Biswa
Himanta Biswa

By

Published : Jun 24, 2023, 7:57 PM IST

হিমন্ত বিশ্ব শৰ্মাক কি ক’লে অখিল গগৈয়ে

গুৱাহাটী, 24 জুন: টুইটযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাক হুছেইন ওবামা আখ্যা দিয়াৰ পাচতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে আমেৰিকাৰ অন্যতম সংবাদ গোষ্ঠী ‘দ্য ৱাশ্বিংটন প’ষ্টেও’ ৷ মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক সাম্প্ৰদায়িক আখ্যা দি উভতি ধৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৷

অখিল গগৈয়ে, ‘‘অসমৰ অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰৰ বাবে এনে কিছুমান ভয়ানক কাম কৰি আছে, যাৰ বাবে সমগ্ৰ ভাৰতীয়ৰ নাম বিদেশত সমালোচিত হৈছে ৷ বাৰাক অ’বামাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে টুইটাৰত ঘৃণাসূচক মন্তব্য প্ৰকাশ কৰাৰ বাবে আমেৰিকাৰ ডাঙৰ ডাঙৰ কাকততো এই কথাবোৰ প্ৰকাশ পাইছে ৷’’

নিজকে প্ৰচাৰ কৰিবলৈ গৈ অসমক মুখ্যমন্ত্ৰীয়ে বদনাম কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ এনে উচ্চাকাংক্ষী আচৰণে এতিয়া অসমীয়া জাতিৰ লগতে সমগ্ৰ ভাৰতীয় জাতিক লজ্জানত কৰিছে বুলিও তেওঁ মন্তব্য কৰে ৷ বিধায়কগৰাকীয়ে পুনৰ কয়, ‘‘এজন ক’লা বৰণৰ মানুহক ঘৃণা কৰাটো আৰু ধৰ্মৰ ভিত্তিত ঘৃণা কৰাটো দুৰ্ভাগ্যজনক ৷ এইয়া মুখ্যমন্ত্ৰীৰ অতি সাম্প্ৰদায়িক মন্তব্য ৷’’ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আমেৰিকাত থকা অৱস্থাত এনে মন্তব্য প্ৰদান কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীজনক অস্বস্তিত পেলাই দিয়া বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷

প্ৰধানমন্ত্ৰী মোদীক বিপদত পেলাবলৈ এই কাম কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বুলিও অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷ লগতে বাৰাক অ’বামাৰ ওপৰত অপ্ৰাসংগিকভাৱে কৰা মন্তব্যৰ বাবে সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসীৰ হৈ অ’বামাৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমা খোজাৰ দাবী জনায় বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক:Yevgeny Prigozhin: পুটিনক প্ৰত্যাহ্বান জনাই অভ্যুত্থান কৰা য়েভগেনি প্ৰিগোজিন কোন ?

ABOUT THE AUTHOR

...view details