অসম

assam

ETV Bharat / state

Akhil Gogoi slams Himanta: কংগ্ৰেছ ব্যৰ্থ, আজমল‌ মুখ্যমন্ত্ৰীৰ পকেটত: অখিল‌ গগৈ - Assam govt school closed

‘‘মামাই এতিয়া সকলো কৰিছে ৷ অসমৰ ইতিহাস 2021 চনৰ পৰা আৰম্ভ হৈছে ৷’’ এই মন্তব্য বিধায়ক অখিল গগৈৰ ৷ বিৰোেধী দল হিচাবে কংগ্ৰেছ নিজৰ ভূমিকা পালন ব্যৰ্থ হৈছে বুলিও মন্তব্য় অখিল গগৈৰ ৷ তেওঁ লগতে কয় যে, মুখ্য়মন্ত্ৰীৰ পত্নীয়ে উত্তৰ-পূবৰ ভিতৰত আটাইতকৈ ধনী স্কুলখন নিৰ্মাণ কৰিছে (Akhil Gogoi slams BJP) ৷

Akhil Gogoi slams Himanta
Akhil Gogoi slams Himanta

By

Published : May 10, 2023, 6:44 PM IST

হিমন্ত বিশ্ব দিল্লীৰ আজ্ঞাবাহী ভৃত্য

গুৱাহাটী, 10 মে’: অসমত বিজেপিৰ প্ৰধান‌ বিৰোধী দল বুলি জনাজাত বদৰুদ্দিন আজমলৰ এআইইউডিএফ দল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থকা বুলি গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ ৷ গুৱাহাটীৰ বাসভৱনত বুধবাৰে অনুষ্ঠিত এখন সংবাদমেলত বিধায়ক অখিল‌ গগৈয়ে কয়, ‘‘প্ৰধান বিৰোধী দলৰ শক্তিশালী ভূমিকা লোৱাৰ ক্ষেত্ৰত‌ কংগ্ৰেছ দল ব্যৰ্থ হৈছে ৷ ইয়াৰ বহুত কাৰণ আছে ৷ সেইবোৰ ব্যাখ্যা কৰিব নাযাওঁ ৷ কাৰণ কংগ্ৰেছৰ লগত লগলাগি বিজেপিক প্ৰত্যাহ্বান জনায় নিৰ্বাচনত অৱতীৰ্ণ ‌হ’ব লাগিব (Lok Sabha election 2024) ৷’’

উল্লেখ্য যে, মঙলবাৰে দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ লগত বাৰ্তালাপ কৰি বিৰোধী দল সন্দৰ্ভত কৈছিল, ‘‘অসমত গল পোষ্টত গলকিপাৰেই নাই ৷’’ এই সন্দৰ্ভত অখিল গগৈয়ে লগতে কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰীজন হ’ল মেনেজ মাষ্টৰ ৷ বিৰোধীক মেনেজ কৰিছে ৷ জাতীয় দল সংগঠনক মেনেজ কৰিছে ৷ আনকি বুদ্ধিজীৱী আৰু একাংশ সংবাদ মাধ্যমক মেনেজ কৰিছে ৷ বিৰোধী, সংবাদ মাধ্যমৰ আৰু বুদ্ধিজীৱীৰ ভাবমূৰ্তি শেষ (Akhil Gogoi on Himanta Biswa Sarma) ৷’’

তেওঁ লগতে কয়, ‘‘এতিয়া অসমত এজনেই ভাল মানুহ আছে ৷ সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ৷ অখিল গগৈয়ে কয় যে, এতিয়া বিদেশীমুক্ত অসমৰ শ্লোগান নাই ৷ ‘কা’ৰ কথা এতিয়া অসমত নাই (Assam CAA protest) ৷ বৃহৎ নদী বান্ধৰ আন্দোলন নাই ৷ আছু নিঃপালি দিলে ৷’’

অখিল গগৈয়ে কয় যে, জাতীয় সংগঠন মেনেজ কৰিলে অসমৰ সমস্যা সমাধান নহয় ৷ তেওঁ কয় যে, অসমৰ ইতিহাসত হিমন্ত বিশ্ব শৰ্মা আত্মসমৰ্পনকাৰী মুখ্যমন্ত্ৰী ৷ হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ আজ্ঞাবাহী ভৃত্য হৈ পৰিছে ৷ দিল্লীৰ এজেন্ট হৈছে ৷ যদি অসমৰ‌ মানুহে হিমন্ত বিশ্ব শৰ্মা সফল মুখ্যমন্ত্ৰী বুলি ক’ব খোজে এয়া অসমৰ ইতিহাসত কলংকিত অধ্যায় হৈ থাকিব ৷

অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মামা বুলি সম্বোধন কৰি সংবাদমেলৰ জৰিয়তে প্ৰশ্ন কৰি কয়, ‘‘মামাই এতিয়া সকলো কৰিছে ৷ অসমৰ ইতিহাস 2021 চনৰ আৰম্ভ হৈছে ৷ মামাৰ দিনত যদি হাস্পতাল হৈছে, বিশ্ববিদ্যালয় হৈছে তেনেহলে সৰু চকুৰ অসুখ হ’লে অসমৰ মানুহ এতিয়াও কিয়‌ নেপাললৈ যায় ? হাড়ৰ অসুখৰ‌ বাবে পাটনা আৰু ভাল চিকিৎসাৰ বাবে চেন্নাইলৈ কিয় যায় ? এইবোৰ প্ৰশ্নৰ উত্তৰ মামাৰ আছেনে ?’’

তেওঁ লগতে কয়, ‘‘মামাৰ শাসনত বহুত চৰকাৰী স্কুল‌ বন্ধ হৈছে ৷ 7545 খন চৰকাৰী বিদ্যালয় বন্ধ হৈছে ৷ ইপিনে তেওঁৰ পত্নীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ধনী স্কুলখন নিৰ্মাণ কৰিছে (Assam govt school closed)৷’’

লগতে পঢ়ক:Two years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত নগাঁওবাসীৰ মতামত

ABOUT THE AUTHOR

...view details