গুৱাহাটী, 21 ডিচেম্বৰ: মঙলবাৰে মুকলি আকাশৰ তললৈ ওলাব পাৰে কৃষক নেতা অখিল গগৈ ৷ সোমবাৰে এই কথা জনালে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ৰুবুল দাসে ৷ সম্প্ৰতি নিয়াৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷
নিয়া আদালতৰ পৰামৰ্শ লৈ সোমবাৰে ৰাইজৰ দলৰ দুজনকৈ মুখ্য আহ্বায়ক ক্ৰমে ৰুবুল দাস আৰু জিতুল গগৈয়ে জি এম চি এইচত সাক্ষাৎ কৰিছিল অখিল গগৈক ৷ উক্ত সাক্ষাৎকাৰৰ পাছতেই ইটিভি ভাৰতক এই কথা জনালে ৰাইজৰ দলৰ নেতৃত্বই ৷
মঙলবাৰে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ ! উল্লেখ্য, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিগত এবছৰতকৈতও অধিক কাল কাৰাবন্দী হৈ থাকিব লগীয়া হৈছে অখিল গগৈ ৷ কৃষক নেতাজনৰ বিৰুদ্ধে ৰুজু হৈছিল আন কেইবাটাও গোচৰৰ লগতে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৷ বহুসময়ত কৃষকনেতাজনক কাৰামুক্ত কৰাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰা হৈছে যদিও, বৰ্তমানলৈকে এই দাবী গ্ৰহণ কৰা হোৱা নাই ৷ কিন্তু অচিৰেই অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব বুলি জানিব পৰা হৈছে ৷
লগতে পঢ়ক: শিশু ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ বিশ্বনাথ জিলা আদালতৰ