অসম

assam

ETV Bharat / state

সুৰাৰ পৰিৱৰ্তে ঘৰে ঘৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰক : অখিল গগৈ - সুৰাৰ হোম ডেলিভাৰীক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

কেবিনেটে (Cabinet) সুৰাৰ হোম ডেলিভাৰী (Home Delivery)ত অনুমোদন জনোৱাৰ পাচতে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধীয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ বিপৰীতে শাসক পক্ষই আদৰণি জনাইছে চৰকাৰৰ এই সিদ্ধান্তক ।

akhil gogoi reaction on online liquor delivery
অখিল গগৈৰ প্ৰতিক্ৰিয়া

By

Published : Jul 15, 2021, 6:29 PM IST

গুৱাহাটী, 15 জুলাই :ৰাজ্য চৰকাৰে সুৰাৰ হোম ডেলিভাৰী (Home Delivery) কৰিবলৈ বুধবাৰে কেবিনেট (Cabinet)ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত । বিৰোধীয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ বিপৰীতে শাসকপক্ষই আদৰণি জনাইছে । বৃহস্পতিবাৰে বিধানসভা চৌহদত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে তীব্ৰ সমালোচনা কৰে চৰকাৰৰ এই সিদ্ধান্তক ৷

চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰি বিধায়ক গগৈয়ে কয়, ‘‘আজিৰ দিনত সুৰা নে ভেকচিন (Vaccine) ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে ? দৈনিক 3 লাখ ভেকচিন দিয়াৰ শ্ল’গান এতিয়া ক’ত গ’ল ? সকলোৱে যে অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হ’ল তাৰ ক্ষতিপূৰণৰ কি হ’ল ? সুৰাৰ হোম ডেলিভাৰী এটা ধ্বংস হ’বলৈ আগবঢ়া জাতিৰ কাম । ৰাইজক সুৰাৰ হোম ডেলিভাৰী নালাগে, লাগে ক’ভিড (Covid) ভেকচিন’’ ।

ইফালে মানকাচৰৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম (Aminul Islam)য়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,‘‘সুৰাৰ হোম ডেলিভাৰীত আচৰিত হ’বলগীয়া একো নাই । কাৰণ লকডাউন (Lockdown)ত সুৰাৰ বিপণী খুলি চৰকাৰে দেখুৱাই দিছিল তেওঁলোকৰ ইচ্ছা । ড্ৰাগছৰ দৰে সুৰাও মাৰাত্মক । গতিকে সুৰাৰ হোম ডেলিভাৰী উচিত সিদ্ধান্ত নহয়’’ ।

বিৰোধীৰ এনে বিৰোধ প্ৰতিক্ৰিয়াৰ বিপৰীতে চৰকাৰৰ সুৰাৰ হোম ডেলিভাৰীৰ সিদ্ধান্তক আদৰণি জনাইছে বিজেপিৰ মিত্ৰদল অগপ (AGP) বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা (Ramendra Narayan Kalita)ই ।

তেওঁ কয়, ‘‘কিছু লোকে ঔষধ হিচাপেও সুৰা ব্যৱহাৰ কৰে । ঔষধ হিচাপে ব্যৱহাৰ কৰাসকলৰ বিষয়ে চিন্তা কৰি চৰকাৰে এই সিদ্ধান্ত লৈছে’’ । ঠিক সেইদৰে ক’ভিডৰ এই পৰিস্থিতিত সুৰাৰ দোকানৰ ভিৰ কমাবৰ বাবে অনলাইন সুৰা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে নলবাৰীৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ই ৷

লগতে পঢ়ক :অখিল গগৈক বহিষ্কাৰৰ হুমকি অধ্যক্ষৰ

ABOUT THE AUTHOR

...view details