অসম

assam

ETV Bharat / state

ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদনখন স্বয়ং সম্পূৰ্ণ নহয়: অখিল গগৈ

অসম চুক্তিৰ 6 নং দফা সমিতিয়ে দাখিল কৰা প্ৰতিবেদন সম্পৰ্কত অখিল গগৈৰ মন্তব্য, "প্ৰতিবেদনখন 15 মাৰ্চৰ ভিতৰত যদি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰে তেন্তে প্ৰতিবেদনখন নাকচ হৈ যোৱাৰ সম্ভাৱনা আছে ৷"

Akhil Gogoi reaction on Justice Biplob Sharma's committee Report
ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদনখন স্বয়ং সম্পূৰ্ণ নহয়: অখিল গগৈ

By

Published : Feb 20, 2020, 7:01 PM IST

গুৱাহাটী,20 ফেব্ৰুৱাৰী: অসম চুক্তিৰ 6 নং দফা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া অখিল গগৈৰ । প্ৰতিবেদনখন স্বয়ংসম্পূৰ্ণ নহয় বুলি অখিল গগৈৰ অভিযোগ ।

বৃহস্পতিবাৰে অখিল গগৈক চিকিৎসাৰ বাবে জি এম চি হাস্পতাললৈ অনা হৈছিল ৷ চিকিৎসালয়ত সাংবাদিকৰে লগত হোৱা সাক্ষাৎকাৰত অসম চুক্তিৰ 6নং দফাৰ ওপৰত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদন সন্দৰ্ভত অখিল গগৈয়ে কয়, প্ৰতিবেদনখন স্বয়ংসম্পূৰ্ণ নহয় ৷ প্ৰতিবেদনখনত আৰু গুৰুত্বপূৰ্ণ তথ্য সংযোজিত কৰাৰ প্ৰয়োজন আছে ৷ লগতে কেন্দ্ৰ চৰকাৰে শীঘ্ৰে প্ৰতিবেদনখন গ্ৰহণ কৰিব লাগে আৰু প্ৰতিবেদনখন 15 মাৰ্চৰ ভিতৰত যদি গ্ৰহণ নকৰে তেন্তে প্ৰতিবেদনখন নাকচ হৈ যোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য দিয়ে অখিল গগৈয়ে ৷

ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদনখন স্বয়ং সম্পূৰ্ণ নহয়: অখিল গগৈ

উল্লেখ্য যে মাওবাদীৰ গোচৰত ন্যায়িক জিম্মাত ৰখা অখিল গগৈক স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বৃহস্পতিবাৰে জিএমচি হাস্পতাললৈ অনা হৈছিল ৷

লগতে পঢ়ক:

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আজি অসমলৈ অনা হ’ব ছাৰ্জীল ইমামক

ABOUT THE AUTHOR

...view details