গুৱাহাটী, 11 ডিচেম্বৰ: শুকুৰবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ অনা হ'ল কৃষক নেতা অখিল গগৈক ৷ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত CAA বিৰোধী মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে ৷ তেওঁৰ মতে, CAA তেওঁ কেতিয়াও নামানে ৷ এই আইনে বিপদাপন্ন কৰিব অসমীয়া জাতিৰ অস্তিত্ব ৷
CAA বিৰোধিতাৰে পুনৰ হুংকাৰ অখিল গগৈৰ
শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনা হয় কৃষক নেতা অখিল গগৈক ৷ CAA বিৰুদ্ধে সকলো অসমীয়াকে ওলাই আহিবলৈ আহ্বান কৃষক নেতা গৰাকীৰ ৷
অখিল গগৈ
আনহাতে CAA বিৰুদ্ধে সকলো অসমীয়াকে ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে CAA বলৱৎ হ'লে ভাৰতত থকা 20 লাখ হিন্দু বাংলাদেশী লোকে নাগৰিকত্ব পাব আৰু বাংলাদেশৰ পৰাও 1 কোটি 90 লাখ আহিব পাৰিব বুলি তেওঁ মন্তব্য কৰে ৷ যাৰ বাবে তেওঁ 21 ৰ নিৰ্বাচনত বিজেপি আৰু এআইইউডিএফক প্ৰত্যাহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় ৷
লগতে পঢ়ক:কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল