অসম

assam

ETV Bharat / state

Constituency delimitation: AIUDF ক শক্তিশালী কৰিবলৈ কৰা হৈছে :অখিল - Constituency delimitation

সদ্য প্ৰকাশিত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । ইয়াৰ জৰিয়তে আৰ এছ এছৰ লাভ হৈছে বুলি মন্তব্য় অখিল গগৈৰ ।

Constituency delimitation
ৰাইজৰ দলৰ সভাপতি অখিল গগৈ

By

Published : Jun 21, 2023, 9:09 PM IST

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ

গুৱাহাটী ,২১ জুন: মঙলবাৰে সন্ধিয়া ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশ কৰে ৷ অহা ১১ জুলাইলৈকে এই খচৰা সন্দৰ্ভত পৰামৰ্শ আৰু আপত্তি দৰ্শোৱাৰ সময় সীমা বান্ধি দিয়া হৈছে । খচৰা সন্দৰ্ভত ৰাজ্য়খনৰ বিভিন্ন দল-সংগঠনকে ধৰি আন অংশীদাৰ সকলৰ পৰা ৰাজহুৱা শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে ৷ ইয়াৰ পিচতেই বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বুধবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে । তেওঁ সংবাদমেলত কয় যে এই খচৰাখনৰ গম পোৱা গৈছে যে ভাৰতৰ নিৰ্বাচন আয়োগে বিজেপিৰ ব্লু প্ৰিন্ট হিচাপে কাম কৰিছে । বিজেপি কমিছন অৱ ইণ্ডিয়া হৈছে এতিয়া ভাৰতৰ নিৰ্বাচন আয়োগ । খিলঞ্জীয়া জনগোষ্ঠী নহয়, বিজেপিৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে এই খচৰা প্ৰস্তুত কৰা হৈছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পুনৰ কয় যে এই খচৰাখন বিজেপি আধিপত্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে । এইখনৰ জৰিয়তে বিজেপিৰ লাভ হৈছে । আৰ এছ এছৰ লাভ হৈছে । আজমল লাভৱান হৈছে । আজমলক ধুবুৰী আৰু কৰিমগঞ্জৰ দি পুৰস্কৃত কৰা হৈছে বুলিও তেওঁ কয় ।

নগাঁও লোকসভা সমষ্টিটোত খিলঞ্জীয়া নেতৃত্ব দুৰ্বল কৰিবলৈ আজমলক লাভৱান কৰা হৈছে । সেইদৰে বৰাক উপত্যকাটো দুটা বিধানসভা সমষ্টিৰ ভাগ কৰা হৈছে । বাঙালী হিন্দুক জয়ী হ'বলৈ লৈ সুবিধা কৰি দিয়া হৈছে । ‌AIUDFক শক্তিশালী কৰিবলৈ কৰা হৈছে বুলিও কয় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।‌

উজনি অসমৰ আহোমসকলক আটাইতকৈ বেছি মাধমাৰ দিয়া হ'ল বুলি উল্লেখ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পুনৰ কয় যে আহোম সকলৰ সংখ্যাগৰিষ্ঠতা নাইকীয়া কৰি দিয়া হ'ল । শিৱসাগৰ তিনিটা বিধানসভা সমষ্টিৰ দুটা বিধানসভা সমষ্টিৰ আহোম সকলৰ সংখ্যাগৰিষ্ঠতা নাইকীয়া কৰা হ'ল । চাহ শ্ৰমিক সকলকো মাধমাৰ দিয়া হৈছে । আচলতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ফলত কেৱল আজমল আৰু বিজেপিৰহে লাভ হ'ব বুলি অখিল গগৈয়ে কয় ।

লগতে পঢ়ক:Constituency delimitation: ক’ত কি কি সমষ্টিৰ ৰূপৰেখা সলনি হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা ?

ABOUT THE AUTHOR

...view details