গুৱাহাটী, ২৩ ডিচেম্বৰ :পুনৰ ব্যতিক্ৰমী ৰূপত দেখা গ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক । অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা অধিৱেশনৰ পূৰ্বেই বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । তেওঁ 'ভাষা নাথাকিলে জাতি নাথাকে' আৰু 'এপিএছচিত অসমীয়া ভাষা শেষ ?' লিখা টি-ছাৰ্ট পৰিধান কৰি ডিঙিত গামোচা লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে (Akhil Gogoi protests against withdrawal of Assamese paper from APSC exam)।
ইয়াৰ পূৰ্বে মঙলবাৰে বিধানসভা চৌহদত কাৰ্টুন অংকিত টি-ছাৰ্ট পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল । বৃহস্পতিবাৰে দেখা গ'ল অন্য ৰূপত । সাংবাদিকৰ আগত এই প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে এপিএছচিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত বাদ দিয়াৰ (withdrawal of mandatory Assamese paper from APSC) কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে অসম বিধানসভাৰ ৰোল ৩০১ ৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰিব বিচৰা হৈছিল যদিও সেই প্ৰশ্ন উত্থাপন কৰিব পৰা নগ'ল । সেয়েহে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ।
অখিল গগৈয়ে কয় যে এপিএছচিৰ পৰা তথা অসমৰ প্ৰশাসনৰ পৰা অসমীয়া ভাষা নোহোৱা কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছে । বুধবাৰে হাইক'ৰ্টৰ মজিয়াত চৰকাৰৰ এই ষড়যন্ত্ৰ সাময়িকভাৱে ব্যৰ্থ হৈছে । এপিএছচিৰ পৰা অসমীয়া ভাষা বাদ দিবলৈ অনুমতি দিব নোৱাৰো, সেয়ে প্ৰতিবাদ সাব্যস্ত কৰিছো ।