অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ

শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্য সচিব আলোক কুমাৰক দেশৰ সংবিধান আৰু বিদেশী আইনৰ বিৰুদ্ধে যোৱাৰ বাবে দুয়োকে গ্ৰেপ্তাৰ কৰাৰ দাবী কৃষক নেতা অখিল গগৈৰ ।

মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ

By

Published : Apr 26, 2019, 9:04 PM IST

গুৱাহাটী,26এপ্ৰিল: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে শুকুৰবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্য সচিব আলোক কুমাৰক দেশৰ সংবিধান আৰু বিদেশী আইনৰ বিৰুদ্ধে যোৱাৰ বাবে গ্ৰেপ্তাৰৰ দাবী জনাই । অসম চৰকাৰে ৰাজ্যত বন্দী হৈ থকা অবৈধ নাগৰিকসকলক কিছুমান চৰ্তৰ বিনিময়ত মুকলি কৰাৰ বাবে উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা শপতনামাৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হৈ পৰে অখিল গগৈ ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা জনাই অখিল গগৈয়ে অসম চৰকাৰে অসমখনক অবৈধ নাগৰিকৰ চৰণীয়া পথাৰ কৰিব বিচাৰিছে বুলি এক অভিযোগ উত্থাপন কৰে । যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিব গৰাকীয়ে সংবিধান আৰু বিদেশী আইনৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি দুয়োকে গ্ৰেপ্তাৰৰ দাবী জনায় ৷

মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ

ইপিনে সংবাদমেলত অখিল গগৈয়ে বিজেপিক আক্ৰমণ কৰি বিজেপিৰ দিনতে ৰাজ্যত সবাতোকৈ কম বিদেশী চিনাক্ত কৰা হৈছে বুলি মন্তব্য কৰি বিজেপিয়ে অবৈধ নাগৰিকক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে ৷

ABOUT THE AUTHOR

...view details