গুৱাহাটী, 19ডিচেম্বৰ:ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ(Akhil Gogoi slams CM Himanta Biswa Sarma) ৷ গুৱাহাটীত এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ অখিল গগৈৰ(MLA Akhil Gogoi) ৷ সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈৰ অভিযোগ, ‘‘ ঋণ লোৱাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে অসম । প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ(Former CM Gopinath Bordoloi) দিনৰ পৰা এতিয়ালৈকে সৰ্বাধিক ঋণ লোৱা অসমৰ মুখ্যমন্ত্ৰীজন হৈছে হিমন্ত বিশ্ব শৰ্মা ।’’
লগতে অখিল গগৈৰ অভিযোগ, ‘‘ভাৰতীয় ৰিজাৰ্ভ বেংকৰ(Reserve Bank of India) তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ডেৰ বছৰীয়া কাৰ্যকালত মুঠ ২৭,১৫৬ কোটি টকা ঋণ লৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ পৰা বৰ্তমানলৈকে বিজেপি চৰকাৰে মুঠ ৮২ হাজাৰ কোটি টকা ঋণ লৈছে ।’’ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সংবাদমেলত তীব্ৰ সমালোচনা অখিল গগৈৰ(Akhil gogoi criticized Himanta Biswa Sarma) ৷
অখিল গগৈৰ মন্তব্য, ‘‘ অসমৰ ইতিহাসত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সৰ্ববৃহত ঋণ লোৱা হৈছে(Himants Biswa Sarma govt taking largest amount of loan) । অসমৰ সৰ্বমুঠ ঋণ ১,১৭,৯২০ কোটি টকা । তৰুণ গগৈ চৰকাৰৰ দিনলৈ অসমৰ সৰ্বমুঠ ঋণ আছিল ৩৫ হাজাৰ কোটি টকা । নিৰ্বাচনৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi) আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল ভাৰতবৰ্ষৰ ভিতৰত অসম শীৰ্ষ স্থানত থাকিব । কিন্তু সেয়া হিংসা(Violence), নাৰীৰ বিৰুদ্ধে অপৰাধৰ(Crime against women in Assam) ক্ষেত্ৰতহে অসমে শীৰ্ষস্থান দখল কৰিছে।’’
নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ(Nation Crime Records Bureau Report) প্ৰতিবেদনৰ উদ্ধৃতি দি অখিল গগৈৰ মন্তব্য, ‘‘ ভাৰতবৰ্ষৰ ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অসমৰ ভিতৰত হিংসাত্মক অপৰাধৰ ক্ষেত্ৰত অসমৰ স্থান প্ৰথম , নাৰীৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰতো প্ৰথম স্থানত আছে ৰাজ্যখন ।